• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত বাইকৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ, ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহীৰ

ৰঙিয়াত বাইকৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ, ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহীৰ

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

  • Share this:
    দুৰ্গা পূজাৰ বিজয়া দশমীৰ আনন্দৰ মাজতে ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা। ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী অভিমুখী দ্ৰুতবেগী বাইকে মহতিয়ালে পথচাৰী মহিলাক। দুৰ্ঘটনাত থিতাতে নিহত হয় মহিলাগৰাকী। নিহত মহিলাগৰাকী হৈছে উদিয়ানা গাঁৱৰ চলেমা বিবি (৫৫)।

    বিপৰীত দিশৰ পৰা অহা টেক্টৰৰ পৰা বাইক আৰোহীয়ে নিজক বচাবলৈ চেষ্টা কৰি সংঘটিত কৰিলে ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহু দূৰলৈ বাইকসহ আৰোহীজন চিটিকি পৰে। তাৰ পিছত পুনৰ বাইক লৈ নলবাৰী অভিমুখে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাইকসহ আৰোহীয়ে।

    দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে। নৈৰ পৰা অবৈধভাৱে খনন চলাই কোনো ট্ৰেফিক আইন নমনাকৈ ওলাই আহে টেক্টৰসমূহে। যাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তাৰ পিছতো ৰঙিয়া আৰক্ষীয়ে উদণ্ড টেক্টৰ চালকসকলক নাকী লগাব পৰা নাই বুলি ক্ষোভ উজাৰে ৰাইজে।
    Published by:Sanjay Kumar Das
    First published: