• Home
  • »
  • News
  • »
  • assam
  • »
  • Massive Fire at Bhangagarh : মহানগৰীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড, ৬ চিলিণ্ডাৰ বিস্ফোৰণ, নিহত মহিলা

Massive Fire at Bhangagarh : মহানগৰীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড, ৬ চিলিণ্ডাৰ বিস্ফোৰণ, নিহত মহিলা

অগ্নিকাণ্ডত ৮০ শতাংশতকৈ অধিক অগ্নিদগ্ধ দ্ৰৌপদী ৰায়ে মৃত্যুক সাৱটি লয়।

অগ্নিকাণ্ডত ৮০ শতাংশতকৈ অধিক অগ্নিদগ্ধ দ্ৰৌপদী ৰায়ে মৃত্যুক সাৱটি লয়।

অগ্নিকাণ্ডত ৮০ শতাংশতকৈ অধিক অগ্নিদগ্ধ দ্ৰৌপদী ৰায়ে মৃত্যুক সাৱটি লয়।

  • Share this:
মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিধ্বসী অগ্নিকাণ্ডত ৬টাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হয়। এই ঘটনাত এগৰাকী মহিলা মৃত্যুমুখত পৰাৰ লগতে জুইত জাহ যায় তিনিটাকৈ বাসগৃহ।

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুওৱা মহিলাগৰাকী দ্ৰৌপদী ৰায় বুলি চিনাক্ত কৰা হৈছে। ভঙাগড়ৰ উদয়াচলত সংঘটিত অগ্নিকাণ্ডৰ জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহনৰ প্ৰয়োজন হয়। কিন্তু জুইত সম্পূৰ্ণৰূপে জাহ যায় তিনিটাকৈ ঘৰ আৰু সমস্ত আচবাব (Massive Fire at Bhangagarh)।

জানিব পৰা মতে, দ্ৰৌপদী ৰায়ে কামৰ পৰা আহি ভাত বনাবলৈ লওঁতেই গেছ জ্বলোৱাৰ সময়ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। লগে লগে জুয়ে আগুৰি ধৰে তিনিওটা বাসগৃহ। অগ্নিকাণ্ডত ৮০ শতাংশতকৈ অধিক অগ্নিদগ্ধ দ্ৰৌপদী ৰায়ে মৃত্যুক সাৱটি লয়। মৃত্যু হয় এটা পোহনীয়া কুকুৰৰো।
Published by:Gautam Barman
First published: