• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু

জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাত জিলাখনত এই ৰোগত মৃত্যুৰ লোকৰ সংখ্যা দুগৰাকী লৈ বৃদ্ধি পাইছে।

জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাত জিলাখনত এই ৰোগত মৃত্যুৰ লোকৰ সংখ্যা দুগৰাকী লৈ বৃদ্ধি পাইছে।

জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাত জিলাখনত এই ৰোগত মৃত্যুৰ লোকৰ সংখ্যা দুগৰাকী লৈ বৃদ্ধি পাইছে।

  • Share this:
শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনেকেফেলাইটিছ সদৃশ ৰোগৰ  প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাত জিলাখনত এই ৰোগত মৃত্যুৰ লোকৰ সংখ্যা দুগৰাকী লৈ বৃদ্ধি পাইছে।

যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে সদৰি কৰা অনুসৰি, শিৱসাগৰ কালুগাঁৱৰ ৰুমেনা বেগম (৪৫) নামৰ মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলাগৰাকী। ইয়াৰ পূৰ্বে আমগুৰিৰ এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল জাপানীজ এনকেফেলাইটিছত। লক্ষ্যণীয় যে  জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু এনেকেফেলাইটিছ সদৃশ ৰোগত এই পৰ্যন্ত মুঠ ৩৫ গৰাকী আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত ১৮ গৰাকী আৰু এনকেফেলাইটিছ সদৃশ ৰোগত ১৭ গৰাকী আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে কমদিনৰ ভিতৰতে জিলাখনৰ খেলুৱাত এগৰাকী, গেলেকীত ৩ গৰাকী, ডিমৌ স্বাস্থ্য খণ্ডৰ এলেকাত ৫ গৰাকী, ম'ৰাবজাৰত ৩ গৰাকী আৰু কালুগাঁও অঞ্চলত ২ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হয়। আনহাতে, এনকেফেলাইটিছ সদৃশ তথা এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত জিলাখনৰ খেলুৱাত এগৰাকী, গেলেকী অঞ্চলত ৫ গৰাকী, ডিমৌ এলেকাত ৪ গৰাকী, ম'ৰাবজাৰত ১ গৰাকী আৰু কালুগাঁও অঞ্চলত ৪ গৰাকী লোক আক্ৰান্ত হয়।

ইপিনে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাত ৰোগ প্ৰতিৰোধৰ অৰ্থে ফ'গিং কৰা, সজাগতা মূলক কাৰ্যসূচী বৃদ্ধি কৰা বুলি জনাইছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে।
Published by:Sanjay Kumar Das
First published: