ৰহাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম পিংকী বৰা ডেকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে আনদিনাৰ দৰে বৃহস্পতিবাৰেও নিজ স্বামীৰ সৈতে প্ৰাতঃভ্ৰমণ আহিছিল পিংকী। ৰাজপথত প্ৰাতঃভ্ৰমণ কৰিব আহিয়েই এখন তীব্ৰ বেগী বলেৰ পিকআপ বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটিলে পিংকীয়ে।
দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন সেই ঠাইৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ৰাজপথতে পৰি থকা পিংকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|