உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Morigaon: মৰিগাঁৱত তিনিমহীয়া কেঁচুৱা লৈ ছাদত উঠিল মাতৃ, হয় ন্যায় অন্যথা আত্মহত্যাৰ চৰ্ত

    Morigaon: মৰিগাঁৱত তিনিমহীয়া কেঁচুৱা লৈ ছাদত উঠিল মাতৃ, হয় ন্যায় অন্যথা আত্মহত্যাৰ চৰ্ত

    বহুদিন ধৰি ন্যায় পোৱা নাছিল মৰিগাঁৱৰ এগৰাকী মহিলাই।

    বহুদিন ধৰি ন্যায় পোৱা নাছিল মৰিগাঁৱৰ এগৰাকী মহিলাই।

    বহুদিন ধৰি ন্যায় পোৱা নাছিল মৰিগাঁৱৰ এগৰাকী মহিলাই।

    • Share this:

    বহুদিন ধৰি ন্যায় পোৱা নাছিল মৰিগাঁৱৰ এগৰাকী মহিলাই। ন্যায়ৰ পৰা বঞ্চিত (deprived from justice) এই মহিলাই ইয়াৰ বাবে ল'লে এক অন্য পন্থা। চলালে আত্মহত্যাৰ অপচেষ্টা।


    মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত মিকিৰগাঁওত সংঘটিত হৈছে এই ঘটনা। মৰিগাঁও (moriogaon) মিকিৰগাঁও মহজিদৰ  চাদৰ ওপৰত উঠি হাতত তিনিমহীয়া কেঁচুৱা লৈ আত্মহত্যাৰ চেষ্টা চলাই ন্যায়ৰ পৰা বঞ্চিত মহিলাগৰাকীয়ে।


    অভিযোগ মতে, বিগত বহু দিন ধৰি মিকিৰগাঁওৰ  ৰিয়াজুদ্দিন আহমেদ আৰু পৰিয়ালে অত্যাচাৰ চলাই আহিছিল ৰিয়াজুদ্দিনৰ পত্নীৰ ওপৰত। ইয়াৰ বাবে মহিলাগৰাকীয়ে স্থানীয় সমাজত অভিযোগ উত্থাপন কৰি বিচাৰৰ বাবে আবেদন জনাইছিল।


    কিন্তু স্বামী ৰিয়াজুদ্দিনে ৰাইজৰে আলোচনাত অংশগ্ৰহণ নকৰি  ৰাইজক ভাবুকিহে প্ৰদান কৰে। উপায়হীন মহিলাগৰাকীয়ে  মৰিগাঁও জালুগুটি আৰক্ষী চকীতো গোচৰ দিছিল যদিও আৰক্ষীৰ পৰা কোনো ন্যায় পোৱা নাছিল।


    সেয়েহে মহিলাগৰাকীয়ে  যেতিয়ালৈকে স্বামীক আটক নকৰে, তেতিয়ালৈ কেঁচুৱাসহ মচজিদৰ চাদত এনেদৰে প্ৰতিবাদ কৰাৰ পথ লয় আৰু আটক নকৰিলে কেঁচুৱাসহ আত্মহত্যাৰ ভাবুকি দিয়ে। শেষত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক বিভিন্ন কৌশল অৱলম্বন কৰি ওপৰৰ পৰা নমাবলৈ সক্ষম হয়৷


    Assam News Today | News in Assamese | Latest News in Assamese
    Published by:Gautam Barman
    First published: