உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বায়ুসেনাৰ পুষ্পবৃষ্টিৰ সময়তে এম্বুলেঞ্চৰ ভিতৰত সন্তান প্ৰসৱ কৰোৱালে MMCৰ চিকিত্‍সক নাৰ্ছে

    বায়ুসেনাৰ পুষ্পবৃষ্টিৰ সময়তে এম্বুলেঞ্চৰ ভিতৰত সন্তান প্ৰসৱ কৰোৱালে MMCৰ চিকিত্‍সক নাৰ্ছে

    এম্বুলেঞ্চৰ ভিতৰতে জন্ম দিলে এটি কন্যা শিশু

    এম্বুলেঞ্চৰ ভিতৰতে জন্ম দিলে এটি কন্যা শিশু

    এম্বুলেঞ্চৰ ভিতৰতে জন্ম দিলে এটি কন্যা শিশু

    • Share this:
    কোৰোণা মহামাৰীৰ বিৰুদ্ধে দিনে–নিশাই যুঁজি থকা যোদ্ধাসকলৈ ভাৰতীয় বায়ুসেনাই জনালে ছেল্যুট। ফ্লাইপাষ্টৰ দ্বাৰা সাহসী কোৰোণা যোদ্ধাসকলক ছেল্যুট জনালে ভাৰতীয় বায়ুসেনাই। আজি পুৱা দেশৰ বিভিন্ন প্ৰান্তত আকাশমাৰ্গৰ পৰা পুস্পবৃষ্টিৰে দেশৰ সংকটৰ সময়ত সাহসেৰে যুঁজি থকা লোকসকললৈ জনালে প্ৰণিপাত। এই ফ্লাইপাষ্টত সুখয়–৩০ এমকেআই, মিগ–২৯ আৰু জাগুৱাৰৰ দৰে বিমান ব্যৱহাৰ কৰা হয়।

    বায়ুসেনা বাহিনীয়ে চিকিত্‍সাকৰ্মীসকললৈ অভিবাদন জনোৱাৰ সময়তে মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্‍সালয়ৰ চিকিত্‍সাকৰ্মীৰ আন এক সফলতা। নিৰ্ধাৰিত সময়ত যেতিয়া চিকিত্‍সালয়খনত উপস্থিত হয় ভাৰতীয় বায়ুসেনাৰ বেণ্ড পাৰ্টীৰ লোক,কিন্তু সেইসময়তে চিকিত্‍সালয়লৈ লৈ অনা হ’ল এগৰাকী গৰ্ভৱতী মহিলাক।

    মহিলাগৰাকীক হাস্পতালত সোমোৱাৰ সময়তে আকাশ মাৰ্গৰ পৰা বায়ুসেনাৰ বিমানেৰে কৰা হৈছিল ফুল বৃষ্টি ৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ কথা চিন্তা কৰি লগে লগে হাস্পতালখনৰ এগৰাকী নাৰ্ছ আৰু চিকিত্‍সকে লগে লগে এম্বুলেঞ্চৰ ভিতৰতে কৰোৱাই প্ৰসৱ। আৰু মহিলাগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান। চিকিত্‍সক আৰু নাৰ্ছগৰাকীৰ এনে কাৰ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে।
    First published: