২ অক্টোবৰত নিজ ঘৰৰ পৰা কিছু দূৰত থকা পাহাৰৰ নামনিত শনিৰাম বৰ্মনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়৷
২ অক্টোবৰত নিজ ঘৰৰ পৰা কিছু দূৰত থকা পাহাৰৰ নামনিত শনিৰাম বৰ্মনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়৷
বঙাইগাঁৱৰ নিকটৱৰ্তী চাপৰাকাটাত এটা নৰকংকাল উদ্ধাৰ হয়৷ বাঁহনিৰ মাজত উদ্ধাৰ হোৱা নৰকংকালটো প্ৰায় এমাহ পূৰ্বে নিৰুদিষ্ট চম্পাৱতী বৰ্মনৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ৷ যোৱা ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া চম্পাৱতী বৰ্মনে নিজ স্বামী শনিৰাম বৰ্মনৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল ৷ সেইদিন ধৰি দম্পতীহালৰ কোনো শুংসূত্ৰ নোহোৱা হৈ পৰাত পৰিয়ালৰ লোকে থানাত এজাহাৰও প্ৰদান কৰিছিল। ইয়াৰ পিছতে ২ অক্টোবৰত নিজ ঘৰৰ পৰা কিছু দূৰত থকা পাহাৰৰ নামনিত শনিৰাম বৰ্মনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়৷
স্বামী শনিৰাম বৰ্মনৰ মৃতদেহ উদ্ধাৰৰ পিছত ৰহস্যজনকভাৱে আজি পত্নী চম্পাৱতী বৰ্মনৰ মৃতদেহ উদ্ধাৰ হয়৷ পৰিয়াল তথা প্ৰতিৱেশীসকলে বিচাৰ-খোচাৰ কৰি থকাৰ সময়তে নিৰুদেশ হৈ থকাৰ প্ৰায় এটা মাহৰ অন্তত চম্পাৱতী বৰ্মনৰ কংকাল ঘৰৰ পিছফালে বাঁহনীৰ মাজত থকা খাৱৈ এটাত উদ্ধাৰ হয়৷
পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সাজ–পোছাক চাই চিনাক্ত কৰিবলৈ সক্ষম হয়৷ মৃতদেহৰ কাষত মোনাসহ শনিৰাম বৰ্মনৰ সাজ–পোছাকৰ লগতে সুৰা আৰু পানীৰ বটলো উদ্ধাৰ হয়৷ শনিৰাম বৰ্মনে দীৰ্ঘদিন ধৰি মানসিকভাৱে অসুস্থ হৈ থকাৰ ফলত পত্নীৰ ঘৰৰ পৰা মাতি নি ঘৰৰ পিছফালে থকা বাঁহনিত হত্যা কৰি শনিৰাম বৰ্মনেও এটা সময়ত আত্মহত্যাৰ পথ লোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|