হাইলাকান্দিত কোৰোণাৰ ভয়তে জীৱনৰ মোহ এৰিলে এগৰাকী মহিলাই!

২৮ জুনত পৰিয়ালটোৰ নমুনা সংগ্ৰহ কৰা হয়। আবুল হুছেইনৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও ৭ বছৰীয়া পুত্ৰ আৰু মহিলাগৰাকীৰ ৰিপ’ৰ্চ নহা বাবে হতাশা আৰু দুশ্চিন্তাত ভুগিছিল মহিলাগৰাকী।
২৮ জুনত পৰিয়ালটোৰ নমুনা সংগ্ৰহ কৰা হয়। আবুল হুছেইনৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও ৭ বছৰীয়া পুত্ৰ আৰু মহিলাগৰাকীৰ ৰিপ’ৰ্চ নহা বাবে হতাশা আৰু দুশ্চিন্তাত ভুগিছিল মহিলাগৰাকী।
- News18 Assam
- Last Updated: July 12, 2020, 2:58 PM IST
২৮ জুনত পৰিয়ালটোৰ নমুনা সংগ্ৰহ কৰা হয়। আবুল হুছেইনৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও ৭ বছৰীয়া পুত্ৰ আৰু মহিলাগৰাকীৰ ৰিপ’ৰ্চ নহা বাবে হতাশা আৰু দুশ্চিন্তাত ভুগিছিল মহিলাগৰাকী। ইপিনে, মহিলাগৰাকীৰ বাংগালুৰুৰ ৪ গৰাকী প্ৰতিৱেশীৰ কোৰোণাত মৃত্যু হোৱাৰ খবৰেও বিচলিত কৰি তুলিছিল মহিলাগৰাকীক। অৱশেষত দুশ্চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈ দেওবাৰে পুৱা বিদ্যালয়ৰ শৌচাগাৰত চিপ লৈ মৃত্যুক সাবটি লয় বুলি মহিলাগৰাকীৰ স্বামীয়ে মন্তব্য কৰে। এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসন আৰু আৰক্ষী। মহিলাৰ মৃতদেহ উদ্ধাৰ কৰি হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।