৫ লাখ টকা দিব নোৱাৰাৰ বাবে বিয়াৰ চাৰি মাহৰ পিছতে স্বামীয়ে জ্বলাই দিলে ডিব্ৰুগড়ৰ নীলোফাৰক!

ডিব্ৰুগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

News18-Assam
Updated:November 7, 2019, 3:44 PM IST
৫ লাখ টকা দিব নোৱাৰাৰ বাবে বিয়াৰ চাৰি মাহৰ পিছতে স্বামীয়ে জ্বলাই দিলে ডিব্ৰুগড়ৰ নীলোফাৰক!
ডিব্ৰুগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা
News18-Assam
Updated: November 7, 2019, 3:44 PM IST
ডিব্ৰুগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চাৰিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী ন–বোৱাৰীক জ্বলাই দিলে স্বামীৰ পৰিয়ালে। প্ৰতিদিনে টকা, সা–সম্পত্তি বিচাৰি বোৱাৰীক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল স্বামীৰ পৰিয়ালে।

ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলি ২নং টিংৰাই নেপালী গাওঁত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। যোৱা ৭ জুলাইত সম্পূৰ্ণ সামাজিক নীতি নিয়মৰ মাজেৰে ২নং টিংৰাই নেপালী গাওঁৰ হাইদৰ আলী নামৰ এগৰাকী যুৱকৰ সৈতে  বিবাহপাশত আৱদ্ধ হৈছিল ডিব্ৰুগড়ৰ বকুলৰ খাইৰুন নিছা আৰু ছফিকুল হুছেইনৰ কন্যা নীলোফাৰ বেগমৰ। বিবাহৰ পিছৰে পৰা স্বামী হাইদৰ আৰু তেওঁৰ পৰিয়ালে নিলূফাৰৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছিল নীলোফাৰৰ মাতৃ পৰিয়ালে।

প্ৰায় ১৫ দিন পূৰ্বে স্বামী হাইদৰে নীলোফাৰক মাতৃ পৰিয়ালৰ পৰা ৫ লাখ টকা আনিবলৈ দাবী কৰিছিল। দাবী কৰা ধন আদায় নিদিয়াৰ বাবে নিলোফাৰৰ হাত ভৰি বান্ধি ঘৰত জ্বলাই দিয়াৰ অভিযোগ তুলিছে নীলোফাৰৰ মাতৃ পৰিয়ালে।

 

স্বামী হাইদৰৰ পৰিয়ালে নীলোফাৰে জুই লগাই আত্মহত্যা কৰা বুলি অন্য ৰূপ দিবলৈ চেষ্টা কৰে যদিও মৃতদেহ উদ্ধাৰৰ সময়ত নীলোফাৰৰ হাত দুখন বন্ধা অৱস্থাত থকা ঘটনাই এইয়া যে এক হত্যাকাণ্ড সেয়া স্পষ্ট কৰি দিছে। ইফালে নীলোফাৰৰ মাতৃ পৰিয়ালৰ শ শ লোকে স্বামী হাইদৰৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।
আৰু চাওক পৰৱৰ্তী বাতৰি