ৰঙিয়াত পাষাণ পুত্ৰৰ অমানৱীয় কাণ্ড। জন্মদাত্ৰী মাতৃক উলংগ কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিলে পুত্ৰই। পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে অসুস্থ বৃদ্ধা মাতৃ। এই জঘন্য কাণ্ড সংঘটিত হৈছে ৰঙিয়াৰ সমীপৰ পশ্চিম পাৰ বাঘবাৰীত।
প্ৰকাশ দত্ত নামৰ লোকজনে দিৰ্ঘদিন ধৰি মাতৃক শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। আনকি পূৰ্বতে বৃদ্ধ পিতৃকো আক্ৰমণ কৰাৰ ফলত কেইবাদিনো চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হৈছিল। উপায়বিহীন হৈ ৰঙিয়া থানাত পুত্ৰৰ বিৰুদ্ধে তিনিবাৰকৈ এজাহাৰ দাখিল কৰিছিল পিতৃ–মাতৃয়ে। তাৰ পিছতো কিন্তু কোনো ন্যায় লাভ নকৰিলে বৃদ্ধ পিতৃ-মাতৃয়ে। থানাত এজাহাৰ দাখিল কৰাৰ পিছতো পুত্ৰৰ অত্যাচাৰৰ অন্ত নপৰিল।
যোৱা দেওবাৰে একমাত্ৰ পুত্ৰ প্ৰকাশ দত্তই পাঁচ হাজাৰ টকা দাবী কৰে বৃদ্ধা মাতৃক। কিন্তু পুত্ৰক টকা দিব নোৱাৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ মাতৃক উপৰ্যুপৰি লাঠিয়াই, বেল্ট আৰু লাঠিৰে আক্ৰমণ কৰে নিষ্ঠুৰ পুত্ৰই। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৃদ্ধ মাতৃ। পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পুত্ৰৰ বিৰুদ্ধে ইতিমধ্যে মঙলবাৰে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মাতৃয়ে। আপুনিয়ে ভাৱক, কিমান আঘাত পালে এগৰাকী মাতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে আইনৰ কাষ চাপিব পাৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 16:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।