স্বাস্থ্য পৰীক্ষাৰ নামত সীমামূৰীয়া এলেকাত ভেকোভাওনা! অসমত দৈনিক প্ৰৱেশ শ শ ষ্টাম্প বিহীন শ্ৰমিকৰ!

News18 Assam | News18-Assam
Updated:May 22, 2020, 12:35 PM IST
স্বাস্থ্য পৰীক্ষাৰ নামত সীমামূৰীয়া এলেকাত ভেকোভাওনা! অসমত দৈনিক প্ৰৱেশ শ শ ষ্টাম্প বিহীন শ্ৰমিকৰ!
ভয়ংকৰ তথ্য!

ভয়ংকৰ তথ্য!

  • Share this:
যেন ভেকো ভাওনাত পৰিণত হৈছে শ্ৰীৰামপুৰৰ আন্তঃ ৰাজ্যিক তালাচী তথা স্বাস্থ্য পৰীক্ষা ৷ অভিযোগমতে, দৈনিক স্বাস্থ্য পৰীক্ষা নকৰাকৈ তথা ষ্টাম্প নথকাকৈ শ শ লোকৰ অসমত প্ৰৱেশ ঘটি আছে ৷ বঙাইগাঁৱত আটক কৰা হয় এনেকৈ স্বাস্থ্য পৰীক্ষা নকৰাকৈ অসমত প্ৰৱেশ কৰা ৪০ জনীয়া শ্ৰমিকৰ দল ৷

যোৱা ১৬ মে’ত ক’ন্টেনাৰৰ ভিতৰত সোমাই অহা ৫০ জনীয়া বৃহৎ দল আটক কৰাৰ পিছত পুনৰ বঙাইগাঁৱত আটক ৪০ জনীয়া শ্ৰমিকৰ দল ৷ আগ্ৰাৰ পৰা শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰা শ্ৰমিকসকলৰ হাতত কোনো ষ্টাম্প নাই ৷ বিনা স্বাস্থ্য পৰীক্ষাৰে অসমত দৈনিক এইদৰে শশ বহিঃ ৰাজ্যৰ শ্ৰমিক প্ৰৱেশ কৰি থকাত এক ভয়ংকৰ পৰিবেশৰ ইংগিত বহন কৰিছে ৷ ইফালে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শ্ৰমিকসকলক  চৰকাৰী বাহনৰে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীত কোৱাৰান্টাইন কৰাৰ বাবে লৈ গৈ থকাৰ সময়ত বঙাইগাঁৱৰ ৰাখালডুবিত বাছৰ পৰা নামি শ্ৰমিকসকলে নিজ গৃহলৈ খোজ কাঢ়ি যোৱাৰ প্ৰয়াস কৰিছিল বুলি জানিব পৰা যায় ৷

শ্ৰমিকসকলে কেনেকৈ কোৱাৰান্টাইনলৈ নিয়া বাছত আৰক্ষী-নিৰাপত্তা বাহিনী থকাৰ পাছতো আদ বাটতে নামিবলৈ সক্ষম হ’ল তাক লৈ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰসংগত আন এক প্ৰশ্ন উত্থাপন হৈছে ৷ আনহাতে  আদবাটত বৃহৎ শ্ৰমিকৰ দলটোৱে নামি খোজকাঢ়ি যোৱাৰ লগতে স্থানীয় বজাৰত প্ৰৱেশ কৰি বৰষুণৰ বাবে ছাতি আদি ক্ৰয় কৰি গৈ থকাৰ সময়তে আতংকিত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটাইকে আটক কৰে ৷ আৰক্ষীয়ে স্থানীয় বিদ্যালয়ত ৰাখি শ্ৰমিকসকলক সোধা পোছা কৰাত স্বাস্থ্য পৰীক্ষাৰ নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

ৰাজ্য চৰকাৰে শ্ৰীৰামপুৰত বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলক পৰীক্ষাৰ জৰিয়তে কোৱাৰান্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ বুলি দাবী কৰি অহাৰ সময়তে সঘনাই বঙাইগাঁৱত স্বাস্থ্য পৰীক্ষা নকৰা কৈ বাহিৰৰ পৰা অহা লোক আটক হোৱা ঘটনাই আগন্তুক দিনত অসমবাসীয়ে সন্মুখীন হ’বলগা বিপদজ্জনক আৰু ভয়ংকৰ পৰিস্থিতিৰ ইংগিত দিছে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading