• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga National Park : পৰ্যটকৰ বাবে মুকলি হোৱাৰ এসপ্তাহৰ ভিতৰত কাজিৰঙালৈ আগমন ঘটিল ৮৩৮৪ জন পৰ্যটকৰ

Kaziranga National Park : পৰ্যটকৰ বাবে মুকলি হোৱাৰ এসপ্তাহৰ ভিতৰত কাজিৰঙালৈ আগমন ঘটিল ৮৩৮৪ জন পৰ্যটকৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ গগৈৰ মতে সম্প্ৰতি পৰ্যটকৰ সঁহাৰি সন্তোষজনক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ গগৈৰ মতে সম্প্ৰতি পৰ্যটকৰ সঁহাৰি সন্তোষজনক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ গগৈৰ মতে সম্প্ৰতি পৰ্যটকৰ সঁহাৰি সন্তোষজনক

  • Share this:
পৰ্যটকৰ বাবে মুকলি হোৱাৰ এসপ্তাহৰ ভিতৰত কাজিৰঙালৈ আগমন ঘটিল ৮৩৮৪ জন পৰ্যটকৰ। ইয়াৰে কেন্দ্ৰীয় ৰেঞ্জ কঁহৰা ৪১৫০ জন পৰ্যটকে দৰ্শন কৰাৰ বিপৰীতে বাগৰি বনাঞ্চল দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ৪২৩৪ জন।

সমান্তৰালকৈ কাজিৰঙা ভ্ৰমণ কৰা মুঠ পৰ্যটকৰ ৬১জন বিদেশী পৰ্যটক। উল্লেখ্য যে যোৱা ২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ। সম্প্ৰতি উদ্যানখনৰ মাত্ৰ দুখন বনাঞ্চলৰ নিৰ্ধাৰিত পৰ্যটন পথহে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মুকলিৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ গগৈৰ মতে সম্প্ৰতি পৰ্যটকৰ সঁহাৰি সন্তোষজনক যদিও বেয়া বতৰ আৰু বাট–পথৰ বাবে জীৱ–জন্তুৰ দৰ্শন সন্তোষজনক নহয়। ইপিনে অহা নৱেম্বৰ মাহৰ পৰা উদ্যানখনৰ বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চল পৰ্যটকৰ বাবে মুকলিৰ ব্যৱস্থা কৰিব বুলি জনায় DFOগৰাকীয়ে।

ইয়াৰ পিছতেই পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰো আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।লগতে নৱেম্বৰ মাহত কেইবাগৰাকীও VIP, VVIP য়ে দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।একপ্ৰকাৰ নৱেম্বৰ মাহত স্বাভাৱিক ছন্দ লাভ কৰিব কাজিৰঙাৰ পৰ্যটনে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি