২৪ ঘন্টাৰ ভিতৰতে যোৰহাটত সংঘটিত হ'ল দুটা বিশেষ চুৰিৰ ঘটনা। দুয়োটা ঘটনাতে চুৰিৰ পদ্ধতি পৃথক। এটা চুৰি কাণ্ডত চোৰে ব্যৱহাৰ কৰিলে আজিৰ পৰা প্ৰায় ৫০-৬০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা পদ্ধতি। হয় , যোৰহাটৰ উপকন্ঠৰ হাতীগড় নাওশলীয়া গাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ ভিতৰত চোৰ প্ৰৱেশ কৰিলে সিন্ধি খান্দি। চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এটা মোবাইল ফোন আৰু তাৰ লগতে কিছু নগদ টকা লৈ যোৱা বুলি জানিবলৈ দিছে ভুক্তভোগীয়ে । দীৰ্ঘদিনৰ মূৰত সিন্ধি খন্দা চোৰৰ হঠাৎ আৱিৰ্ভাৱ হোৱাত বহু লোক আচৰিত হৈছে । কিন্তু সিন্ধি খন্দা চোৰৰ সুংসূত্ৰ ওলোৱা নাই ।
সিন্ধি খন্দা চোৰৰ বিপৰীতে যোৰহাট নগৰত স্মাৰ্ট কৌশলেৰে চুৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক। দেওবাৰে বিয়লি যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপৰ পাৰশ এন্টাৰপ্ৰাইছ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা এজন যুৱকে সকলোৰে চকুৰ সন্মুখতে কৌশলেৰে বৃহৎ পৰিমাণৰ ধন লৈ উধাও হয় । অৱশ্যে পিছত যুৱকজনক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰক্ষী । আৰু তাৰ পিছতে আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চুৰি কাৰ্য সংঘটিত কৰা যুৱকজনক।
ধৃত যুৱকজন হৈছে গজপুৰীয়া গাঁৱৰ হীৰকজ্যোতি দাস । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে লুট কৰি নিয়া আশী হাজাৰ টকাও উদ্ধাৰ কৰে । অৱশ্যে সিন্ধি খন্দা চোৰ এতিয়াও পলাতক। ইয়াৰ বিপৰীতে অৱস্থা তথৈবচ হয় নগৰৰ স্মাৰ্ট চোৰৰ । নগৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধনৰ টোপোলা থপিয়াই নিয়া চোৰৰ বিপৰীতে দীৰ্ঘদিনৰ পিছত আৱিৰ্ভাৱ ঘটা সিন্ধি খন্দা চোৰে বিশেষ চৰ্চা লাভ কৰিছে ৰাইজৰ মাজত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|