অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল মিজোৰাম চৰকাৰ। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰিছিল। কেৱল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেই নহয়, চাৰিজন আৰক্ষী বিষয়া, দুজম আমোলাৰ বিৰুদ্ধেও ৰুজু কৰিছিল গোচৰ। ইয়াৰ উপৰিও ২০০ আৰক্ষী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মিজোৰামে। কিন্তু এই গোচৰৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে মিজোৰাম চৰকাৰ।
ইফালে অমিত শ্বাৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পিছতে যেন এতিয়া নিজৰ স্থানলৈ উভতি আহিছে মিজোৰামৰ মুখ্যমন্ত্ৰী। ছচিয়েল মিডিয়াৰ জৰিয়তে উচতনিমূলক মন্তব্য নকৰিবলৈ মিজো জনতাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী জোৰামথাংগাই।
আনহাতে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'মোৰ বিৰুদ্ধে গোচৰ তৰিলে কোনো সমস্যা নাই। মোক মাতিলে মই উপস্থিত হ'ম। কিয় নাম সাঙুৰিছিল সেয়া তেওঁলোকৰ কথা। নাম আঁতৰালেও, সেয়া তেওঁৱোকৰ বিচাৰ্য বিষয়। মিজোৰাম সমস্যাক লৈ কেন্দ্ৰই আগ ভাগ ল'লে অসম চৰকাৰ আগ্ৰহী। সমস্যাৰ সমাধান হব লাগে, আমি বিকাশৰ দিশে।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 01, 2021, 17:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।