உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ডাইনীৰ সন্দেহত এটা পৰিয়ালক হত্যা কৰা ৰাজেন দলেক মৃত্যুদণ্ড যোৰহাটৰ আদালতৰ, আন ১১গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড

    ডাইনীৰ সন্দেহত এটা পৰিয়ালক হত্যা কৰা ৰাজেন দলেক মৃত্যুদণ্ড যোৰহাটৰ আদালতৰ, আন ১১গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড

    ‘এটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু সন্তানক অপহৰণ কৰি টুকুৰা টুকুৰকৈ কাটি সোৱনশিৰি নৈত উটুৱাই দিছিল একাংশ অন্ধবিশ্বাসী লোকে"

    ‘এটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু সন্তানক অপহৰণ কৰি টুকুৰা টুকুৰকৈ কাটি সোৱনশিৰি নৈত উটুৱাই দিছিল একাংশ অন্ধবিশ্বাসী লোকে"

    ‘এটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু সন্তানক অপহৰণ কৰি টুকুৰা টুকুৰকৈ কাটি সোৱনশিৰি নৈত উটুৱাই দিছিল একাংশ অন্ধবিশ্বাসী লোকে"

    • Share this:
    মাজুলীত ২০১২ চনৰ ২৮ আগষ্টত সংঘটিত হৈছিল সভ্য সমাজক জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা। অন্ধবিশ্বাসৰ বলি হৈ একাংশ লোকে হত্যা কৰিছিল এটা পৰিয়ালৰ তিনিজন লোকক। নামনি মাজুলীৰ বৰদোৱা গাঁৱৰ ৰাজকুমাৰ দলে,পত্নী বৰ্ণালী দলে আৰু তেওঁলোকৰ পুত্ৰক। অপহৰণ কৰি টুকুৰা টুকুৰকৈ কাটি সোৱনশিৰি নৈত উটুৱাই দিছিল একাংশ অন্ধবিশ্বাসী লোকে।

    অন্ধবিশ্বাসৰ এই ভয়ানক হত্যাকাণ্ডৰ ঘটনাৰ তদন্তৰ অন্তত যোৰহাটৰ আদালতত চলিছিল এই গোচৰৰ শুনানী । যোৰহাটৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ পলী কটকীৰ আদালতে শুকুৰবাৰে প্ৰদান কৰে ঐতিহাসিক ৰায়দান। এই ঘটনাৰ মূল অভিযুক্ত ৰাজেন দলেক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে আদালতে। আন ১১ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে আদালতে। আন এগৰাকী অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে । এই নৃশংস ঘটনাৰ অভিযুক্ত সকল হ’ল ৰাজেন দলে, অনিল দলে, লিমাই দলে, অতুল দলে, বিশ্ব পাতিৰ, বাকু দলে, বিমল পাতিৰ, বামুন দলে, ৰাজু দলে, লক্ষিন্দৰ পাতিৰ, জন দলে, জানমা দলে। পুলিন দলেৰ ইতিমধ্যে মৃত্যু হৈছে।
    Published by:Himangshu Bhuyan
    First published: