স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল৷ মুঠৰ ওপৰত বিভিন্ন প্ৰকাৰে বহুদিন ধৰি বৃদ্ধাগৰাকীক ডাইনী বুলি চলাই আহিছিল নিৰ্যাতন৷
স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল৷ মুঠৰ ওপৰত বিভিন্ন প্ৰকাৰে বহুদিন ধৰি বৃদ্ধাগৰাকীক ডাইনী বুলি চলাই আহিছিল নিৰ্যাতন৷
মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ'ল চৰাইদেউ (Charaideo) জিলাৰ সোণাৰিৰ (Sonari) সাপেখাতীৰ টিমন বৰতানিত৷ অঞ্চলটোৰ একাংশ লোকে বিগত ১৫ দিনতকৈ অধিক দিন ধৰি এগৰাকী ৮০ৰ ঊৰ্ধ্বৰ বৃদ্ধাক ডাইনী সজাই চলাই আহিছিল নিৰ্যাতন৷ জীয়াৰী সৈতে বসবাস কৰা বৃদ্ধাগৰাকীক ২৩ নৱেম্বৰৰ নিশাই শোৱাপাটিৰ পৰা স্থানীয় একাংশ পুৰুষ–মহিলাই উঠাই আনি সমীপতে থকা হৰি মন্দিৰত চাকি–বন্তি জ্বলাই আঁঠু কঢ়াই ডাইনী সজাইছিল৷ স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল৷ মুঠৰ ওপৰত বিভিন্ন প্ৰকাৰে বহুদিন ধৰি বৃদ্ধাগৰাকীক ডাইনী বুলি চলাই আহিছিল নিৰ্যাতন৷
সমগ্ৰ ঘটনাৰ সম্পৰ্কত দেওবাৰে সাপেখাতী আৰক্ষীক অৱগত নকৰাকৈ স্থানীয় গাঁওবুঢ়া জিতেন দত্তই এক সভা অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাটো নিষ্পত্তি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে সচেতন মহলে৷ বৃদ্ধাগৰাকীৰ পুত্ৰ–বোৱাৰী কৰ্মসূত্ৰে বৰহাট থকাত দেওবাৰে নিজা গৃহত পুত্ৰ উপস্থিত হৈ মাতৃগৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিষয়ে অৱগত হোৱাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ ইতিমধ্যে ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ উপৰি ঘটনাৰ সৈতে জড়িত ৭জন লোকক আটক কৰিছে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|