প্ৰাপ্ত তথ্য মতে, যোৱা ৭ মে’ত সন্ধীয়া গাঁওখনৰে বাসিন্দা ক্ৰমে সুনিল মাৰ্ডী(১৬), হোপনা হেমব্ৰম (১৬), ৰবিনছন কিস্কু (৩০) আৰু ছাকেল হেমব্ৰমে(৩০)-এ মহিলাগৰাকীক শুকুৰবাৰে নিশা ঘৰৰ পৰা ডাইনী সন্দেহত বলপূৰ্বক ভাবে উঠাই লৈ যায় ৷ লগে লগে মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াক অৱগত কৰে আৰু গাঁওবুঢ়াই তাৎক্ষণিক ভাবে গোসাইগাঁও আৰক্ষীক খবৰ দিয়ে ৷
খবৰ পাই আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে গাঁওবাসীয়ে তিনি যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীৰ জেৰাত ধৃত যুবক তিনিটাই স্বীকাৰ কৰে যে, মহিলাগৰাকীক ডাইনী সন্দেহত হত্যা কৰি গাঁওখনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত হাবিৰ মাজত গছত ওলমাই থৈছে ৷
সেই মতে, সোমবাৰে পুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি গোসাইগাঁও থানালৈ লৈ আনে ৷ হত্যাকাণ্ডৰ মূল নায়ক ছাকেল হেমব্ৰম বৰ্তমান পলাতক অৱস্থাত আছে ৷