বিশ্বনাথ জিলাৰ বৰজাৰনিত ডাইনীৰ সন্দেহত এজন বৃদ্ধক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ২ নং বৰজাৰনীৰ কাচবিল প্ৰাথমিক বিদ্যালয়ৰ চৌহদত লংকী বে' নামৰ ৬২ বছৰীয়া এজন বৃদ্ধক মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
বৰজাৰণিৰ ১ নং বগীজুলিস্থিত নিজ পাম ঘৰৰ পৰা ডাইনীৰ সন্দেহত এখন চাৰিচকীয়া বাহনত চাৰিজনকৈ লোকে উঠাই আনিছিল বৃদ্ধজনক ৷ ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰলোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগেই সেই স্থান ত্যাগ কৰে নৰপিশাঁচৰ দলটোৱে ৷ ডাইনীৰ সন্দেহত দলৱদ্ধ আক্ৰমণৰ বলি হোৱা লংকী বে'ক আৰক্ষীৰ দলে পিছত ততালিকে চিকিৎসালয়লৈ লৈ যায়।