হঠাৎ বুকুত বিষ অনুভৱ কৰাৰ বাবেই দেওবাৰে পৰিয়ালৰ লোকে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড: মনমোহন সিঙক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰে। শেহতীয়াকৈ পোৱা খবৰ অনুযায়ী বৰ্ষীয়ান ৰাজনৈতিক নেতা সাংসদ মনমোহন সিঙৰ স্বাস্থ্য সামান্য উন্নতি হৈছে। বিশিষ্ট অৰ্থনীতিবিদ মনমোহন সিঙৰ সৈতে অসমৰ বিশেষকৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ এক মধুৰ সম্পৰ্ক আছে। গুৱাহাটীৰ সৰুমটৰীয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ বাসগৃহত ভাৰাতীয়া হিচাপে থাকিয়েই ২৮ বছৰ কাল ৰাজ্য সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল মনমোহন সিঙে। সেয়ে নহয় অসমৰ সাংসদ হিচাপে দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল বিশিষ্ট অৰ্থনীতিবিদ গৰাকী। ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ গুৱাহাটীৰ সৰুমটৰীয়াৰ ঘৰটোত ভাৰাতীয়া হিচাপে আছিল মনমোহন সিং। সেয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অসুস্থতাক লৈ গভীৰভাৱে চিন্তিত হৈ পৰিছে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পত্নী প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া। "অসমৰ এক জটিল পৰিস্থিতিৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী মোৰ স্বামী হিতেশ্বৰ শইকীয়াই সেইসময়ৰ প্ৰধানমন্ত্ৰী নৰসিংমা ৰাওক কথা দি কথা ৰাখিছিল, আৰু বহু বাধাৰ পিছতো ১৯৯১ চনত অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ পাতিছিল মনমোহন সিঙক", এই কথা News18ৰ সম্মুখত ৰোমন্থন কৰিলে হেমপ্ৰভা শইকীয়াই। ১৯৯১ চনৰ পৰা ২০১৮ চনলৈ অসমৰ পৰা একেৰাহে ২৮ বছৰ কাল সাংসদ হিচাপে নিৰ্বাচিত হোৱা ড: মনমোহন সিঙে শেষৰবাৰলৈ বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনত ভোট দান কৰিবলৈ আহিছিল।
১৯৯১চনৰ পৰা ২০১৮চনলৈকে অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিবলৈ সৰুমটৰীয়াৰ হিতেশ্বৰ শইকীয়াৰ বাসভৱনত ভাৰাতীয়া হিচাপে আছিল যদিও ঘৰটোত এদিনো থকা নাছিল তেওঁ। ঘৰটোৰ কাৰণে মাহে ৭০০টকাকৈ ভাৰা অৱশ্যে নিয়মীয়াকৈ দি আহিছিল বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে।
Published by: Tulika Devi
FIRST PUBLISHED : May 11, 2020, 20:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।