শিৱসাগৰ, ২৪ মে': মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন অনুষ্ঠানত তেওঁৰে ছবি অংকন কৰি উপহাৰ হিচাপে দিয়া আপুনি দেখিছে। গামোচাত মূখ্যমন্ত্ৰীৰ ড° শৰ্মাৰ ছবি অংকন তথা ফুল বাচি উপহাৰ হিচাপে দিয়াও আপুনি দেখিছে। পিছে এইবাৰ শিৱসাগৰ আখৈফুটীয়াত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কুশল মংগল আৰু সকলো দিশৰ উন্নতি কামনা কৰি শিৱসাগৰৰ শত বছৰ পুৰণি এটা নামঘৰৰ মণিকূট অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীৰ অতিকে অনুৰাগী এগৰাকী যুৱ ব্যৱসায়ীয়ে। শিৱসাগৰ দিচাং ধাইআলি আখৈফুটীয়া বৰ নামঘৰৰ মণিকূট ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আগবঢ়াইছে প্ৰণৱ দাস নামৰ এজন যুৱকে।
ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিক ভাল পোৱা হেতুকে নিজৰ পকেটৰ লাখ টকা ব্যয় কৰি মণিকূট নিৰ্মাণৰ পৰিকল্পনাৰে আজি আধাৰশিলা কৰে প্ৰণৱ দাসৰ উদ্যোগত একাংশ ৰাইজে। শ্ৰীশ্ৰী কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত মণিকূটভাগিৰ আধাৰশিলা কৰাৰ লগতে এখনি শৰাই আগবঢ়াই হৰি নামো লয় একাংশ ভকত বৈষ্ণৱে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ সু-স্বাস্থ্য কামনাৰ লগতে ৰাজনৈতিক, সামাজিক তথা সকলো দিশতে আৰু দক্ষতাৰে যাতে আগুৱাই যাব পাৰে, উন্নতি হয় তাৰেই কামনা প্ৰণৱ দাসৰ ।
‘‘মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ছাৰক কেতিয়াও লগ পোৱা নাই। মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয় । কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ কৰ্মদক্ষতাৰ প্ৰতি খুবেই আকৃষ্ট। ভাল পাওঁ তেওঁক। সেয়ে তেওঁৰ লগতে পৰিয়ালবৰ্গ আৰু আগুৱাই যাওঁক। দেশৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠক । তাকে কামনা কৰি মণিকূট ভাগি আগবঢ়াইছো।’’- এই মন্তব্য যুৱ ব্যৱসায়ী প্ৰণৱ দাসৰ।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 24, 2023, 12:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।