কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter Session of Assam Legislative Assembly)। এই অধিৱেশনত চৰকাৰে এখন ৰিপীল বিলকে ধৰি মুঠ ১২খন বিল উত্থাপন কৰিব ৷ শীতকালীন অধিৱেশনৰ বাবে এতিয়া সাজু শাসক-বিৰোধী ৷
৫ দিনীয়া কাৰ্যসূচীৰে কাইলৈৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। শীতকালীন অধিৱেশনত এইবেলি চৰকাৰে মুঠ ১২খন বিল সদনত উত্থাপন কৰিব৷ ইয়াৰে এখন ৰিপীল বিল আৰু বাকী এঘাৰখন বিল এমেণ্ডমেণ্ট বিল বুলি সোমবাৰে জনালে বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে ৷
শীতকালীন অধিৱেশনৰ বাবে চৰকাৰক শ'লঠেকত পেলাবলৈ সাজু হৈছে বিৰোধী শিবিৰ ৷ চৰকাৰৰ গণবিৰোধী কামৰ বিৰোধিতা সদনত কৰিব বুলি সদৰী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
ইপিনে বটদ্ৰৱাত চলা উচ্ছেদ আৰু অৰুণোদয় আঁচনিৰ দ্বিতীয় ধাৰাক লৈ সদনত সৰৱ হ'ব বুলি জনালে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।