ৰঙিয়াৰ ৰাজপথত হঠাৎ ৰখোৱা হ'ল এখন ট্ৰাক, কি ওলাল তালাচীত? দেখিলে চকু কপালত উঠিব

News18 Assam | News18-Assam
Updated:January 13, 2021, 5:48 PM IST
ৰঙিয়াৰ ৰাজপথত হঠাৎ ৰখোৱা হ'ল এখন ট্ৰাক, কি ওলাল তালাচীত? দেখিলে চকু কপালত উঠিব
ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

  • Share this:
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছ’চাইটী চ’কত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। উদ্ধাৰ হোৱা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা। ৰঙিয়াৰ আবকাৰী বিভাগে অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি। গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা আবকাৰী বিভাগৰ।

অৰুণাচলৰ পৰা পশ্চিম বংগ অভিমুখে গৈ আছিল অবৈধ সুৰাভৰ্তি ট্ৰাকখন। ৰঙিয়াত অভিযান চলাই জব্দ কৰে UP 21 CN 5156 নম্বৰৰ ট্ৰাকখন। গুৱাহাটী আৰু ৰঙিয়াৰ আবকাৰী বিভাগে যৌথ অভিযান চলাই জব্দ কৰে সুৰাখিনি। ট্ৰাকখনৰ ভিতৰত আছিল ১০৭৭ কাৰ্টন সুৰা। ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: January 13, 2021, 2:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading