NO MASK, NO LIQUOR, অসমৰ কোনখন জিলাত এই নিয়ম?

News18 Assam | News18-Assam
Updated:May 15, 2020, 6:08 PM IST
NO MASK, NO LIQUOR, অসমৰ কোনখন জিলাত এই নিয়ম?
দোকান কৰ্তৃপক্ষই সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দিব লাগিব।

দোকান কৰ্তৃপক্ষই সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দিব লাগিব।

  • Share this:
শনিবাৰৰ পৰা ধুবুৰী জিলাত খুলিব সুৰাৰ বিপণী। জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে আজি এক নিৰ্দেশযোগে শনিবাৰৰ দিনৰ ১১ বজাৰ পৰা ৫ বজালৈ সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। জিলাখনৰ ধুবুৰী আৰু বিলাসীপাৰা মহকুমাৰ মুঠ ২২খন সুৰাৰ বিপণীক এই অনুমতি প্ৰদান কৰা হৈছে কণ্টেইনমেণ্ট জ’নত থকা সুৰাৰ বিপণী উক্ত তালিকাত অন্তৰ্ভুক্ত থাকিলেও পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে খুলিব নোৱাৰিব।

আনহতে, প্ৰতিখন দোকানৰ সন্মুখত "NO MASK, NO LIQUOR" পোষ্টাৰ বাধ্যতামূলকভাৱে লগাব লাগিব আৰু MASK নিপিন্ধা গ্ৰাহকৰ ওচৰত দোকানীয়ে বিক্ৰী কৰিব নোৱাৰিব সুৰা। ইপিনে দোকান কৰ্তৃপক্ষই সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দিব লাগিব, অন্যথা প্ৰসাশনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশত উল্লেখ আছে।
First published: May 15, 2020, 6:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি