• Home
  • »
  • News
  • »
  • assam
  • »
  • হাজাৰ হাজাৰ সুৰাৰ বটলৰ ওপৰেৰে চলিল ৰোলাৰ

হাজাৰ হাজাৰ সুৰাৰ বটলৰ ওপৰেৰে চলিল ৰোলাৰ

কাৰ্বি আংলং জিলা আবকাৰী বিভাগৰ দ্বাৰা জানিব পৰা মতে, মদ নিবাৰনী অংশ হিচাপে আজি খটখটীত প্ৰায় পঁচিশ হাজাৰ লিটাৰ বিলাতী সুৰা নষ্ট কৰে।

  • Share this:
বোকাজানত বিলাতী সুৰাৰ বটলৰ ওপৰেৰে চলিল আবকাৰী বিভাগৰ ৰোলাৰ। বোকাজানৰ খটখটীত আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ জব্দকৃত বিলাতী সুৰাৰ বটল নষ্ট কৰে। কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটীত আবকাৰী বিভাগৰ দ্বাৰা জব্দকৃত বিলাতী সুৰাৰ বটলসমূহ শতাধিক ৰাইজৰ সন্মুখত ৰোলাৰেৰে ধ্বংস কৰা হয়।

জব্দকৃত বিলাতী সুৰাসমূহ নষ্ট কৰাৰ সময়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি আংলঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকল উপস্থিত থকা দেখা যায়।

কাৰ্বি আংলং জিলা আবকাৰী বিভাগৰ দ্বাৰা জানিব পৰা মতে, মদ নিবাৰনী অংশ হিচাপে আজি খটখটীত প্ৰায় পঁচিশ হাজাৰ লিটাৰ বিলাতী সুৰা নষ্ট কৰে। জানিব পৰা মতে, এনেদৰে নষ্ট কৰা বিলাতী সুৰাৰ বটলখিনিৰ বজাৰ মূল্য প্ৰায় ৫৮ লক্ষাধিক টকা। এই বিলাতী সুৰাসমূহ বিভিন্ন সময়ত বোকাজানৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰা হৈছিল বুলি সদৰী কৰিছে আবকাৰী বিভাগে।
Published by:Sanjay Kumar Das
First published: