বৰষাৰাণী বিষয়া অথবা জুবিন গাৰ্গ হ’ব নেকি ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী?

News18 Assam | News18-Assam
Updated:February 27, 2020, 3:00 PM IST
বৰষাৰাণী বিষয়া অথবা জুবিন গাৰ্গ হ’ব নেকি ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী?
খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

  • Share this:
খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ এই নিৰ্বাচনত মিত্ৰজোটে দুখন আসন আৰু বিৰোধীয়ে এখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ কঁকালত টঙালি বান্ধিছে ৷ পিছে প্ৰাৰ্থীত্ব পাব কোনে? এই লৈ এতিয়া শাসক বিৰোধীৰ ভিতৰচৰাত চলিছে ব্যাপক চৰ্চা।

ৰাজপথত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী বৰষাৰাণী বিষয়া অথবা জুবিন গাৰ্গ হ’ব নেকি বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী? বৰ্তমান বিৰোধী শিৱিৰত এই বিষয়ে চলিছে আলোচনা।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, ‘ৰাজ্যসভাত কংগ্ৰেছ-AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব লাগিব ৷ বৰষাৰাণী, অৰূপ বৰবৰা, জুবিন গাৰ্গ, অখিল গগৈৰ নাম ওলাই আছে ৷ সকলোৱে মত মিলেলে এজনক প্ৰক্ষেপ কৰিব ৷’

গগৈয়ে লগতে কয় যে,‘CAA বিৰোধী হ'ব লাগিব ৷ যিয়ে হওক মই সমৰ্থন কৰিম ৷ কোনো দলৰ লগত জড়িত নোহোৱা সাংবাদিকো হ'ব পাৰে ৷ চৰ্চাত অজিত ভূঞা, জাহ্নু বৰুৱাৰ নামো ওলাই আছে ৷ দলত এই বিষয়ত আলোচনা হোৱা নাই ৷ বাচনি কৰাতো টান হ'ব ৷ বহুকেইজনৰ নাম ওলাইছে ৷ যি যাব, তেওঁ ৰাজ্যসভাত সময়ো দিব লাগিব ৷ ৰাজ্যসভালৈ যোৱাৰ পিছত আকৌ চিনেমাত ব্যস্ত থাকিলেতো নহ'ব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি