CAAৰ জৰিয়তে নাগৰিকত্ব কেনেকৈ পাব? অসমৰ কাৰণে কি প্ৰস্তাৱ দিছে অসম চৰকাৰে? জনালে হিমন্ত বিশ্বই

News18 Assam | News18-Assam
Updated:January 18, 2020, 6:24 PM IST
CAAৰ জৰিয়তে নাগৰিকত্ব কেনেকৈ পাব? অসমৰ কাৰণে কি প্ৰস্তাৱ দিছে অসম চৰকাৰে? জনালে হিমন্ত বিশ্বই
তিনিটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰেহে সম্ভৱ নাগৰিকত্ব লাভ ৷ অসম চৰকাৰে দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক প্ৰস্তাৱ ৷

তিনিটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰেহে সম্ভৱ নাগৰিকত্ব লাভ ৷ অসম চৰকাৰে দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক প্ৰস্তাৱ ৷

  • Share this:
দুদিনমান পূৰ্বে ধৰ্মীয় উৎপীড়নৰ বলি হোৱাৰ প্ৰমাণ নিদিলেও যিকোনো লোকে নাগৰিকত্বৰ আৱেদন কৰিব পাৰিব বলি দিল্লীত সংবাদমাধ্যমত কৈছিল নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে এই প্ৰশ্নটোকে কৰা হৈছিল মন্ত্ৰীগৰাকীক ৷ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে ক'লে—"মই কোৱা নাই যে ধৰ্মীয় উৎপীড়নৰ বলি হোৱাৰ প্ৰমান দিব নালাগে বুলি, মই কৈছো এইটো জটিল বিষয় ৷ বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলী হোৱা মানুহজনে বাংলাদেশৰ পৰা দেখোন থানাত দিয়া FIR আনিবগৈ লাগিব ৷ পৰিৱেশ কি আছিল সেয়াই প্ৰমান হ'ব ৷ সকলো কথাৰে প্ৰমান নথিৰে নহয় ৷ তিনিটা বিশেষ প্ৰমান দিবই লাগিব এজন লোকে নাগৰিকত্ব লাভ কৰিবলৈ ৷"
হিমন্ত বিশ্ব শৰ্মাই লগতে সংযোগ কৰিলে— প্ৰথমে, মানুহজন যে চুবুৰীয়া তিনি ৰাষ্ট্ৰৰ ধৰ্মীয় সংখ্যালঘু হয় সেইটোৰ প্ৰমান দিব লাগিব ৷ দ্বিতীয়তে, আৱেদনকাৰীয়ে প্ৰমান দিব লাগিব আৱেদনকাৰীযে ২০১৪ৰ পূৰ্বে আহিছিল ভাৰতলৈ ৷ তৃতীয়তে, আৱেদনকাৰী যে সেই নিৰ্দিষ্ট ৰাষ্ট্ৰৰ পৰা আহিছিল তাৰো দিব লাগিব প্ৰমান ৷
কি কি নথিৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই? "আৱেদনকাৰীযে ২০১৪ৰ পূৰ্বে যে ভাৰত বা অসমলৈ আহিছিল তাৰ তথ্য প্ৰমান দিবই লাগিব ৷ তাৰ বাবে আৱেদনকাৰীয়ে দিব লাগিব ২০১৪ৰ পূৰ্বে প্ৰস্তুত কৰা নিৰ্ভেজাল বেংক একাউন্টৰ নথি, ২০১৪ৰ পূৰ্বৰ ভোটাৰ তালিকা, NRCত আৱেদন কৰা ARN নম্বৰ, অসমত তেওঁ ২০১৪ৰ পূৰ্বে থকা ঘৰৰ ঠিকনাৰ প্ৰমান।  হিমন্ত বিশ্ব শৰ্মাই লগতে সংযোগ কৰিলে  "অসম চৰকাৰৰ ফালৰ গৃহমন্ত্ৰালয়ক প্ৰস্তাৱ দিয়া হৈছে যাতে অসমৰ বাবে হয় পৃথক ৰুল ফ্ৰেম ৷ য'ত আৱেদনকাৰীয়ে দিব লাগিব ২০১৪ৰ পূৰ্বৰ ভোটাৰ তালিকা, ২০১৪ৰ পূৰ্বে খোলা বেংক একাউন্ট, ১৯৭৫চনৰ পৰা ছেবাৰ পোৱা প্ৰমাণপত্ৰ, NRCত আৱেদন কৰা ARN নম্বৰ ৷"

শনিবাৰে মন্ত্ৰীগৰাকীয়ে এই কথাখিনিৰ লগতে ক'লে, তিনিমাহ সময়হে দিয়া হ'ব ‘কা’ৰ জৰিয়তে নাগৰিকত্ব আৱেদনৰ বাবে ৷ 
Published by: Tulika Devi
First published: January 18, 2020, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading