বৃদ্ধি হ’ব নেকি ল’কডাউনৰ সময়সীমা? কি ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:April 3, 2020, 10:38 PM IST
বৃদ্ধি হ’ব নেকি ল’কডাউনৰ সময়সীমা? কি ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে ল’কডাউনৰ দিন বৃদ্ধি পাব নেকি ?

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে ল’কডাউনৰ দিন বৃদ্ধি পাব নেকি ?

  • Share this:
বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে ল’কডাউনৰ দিন বৃদ্ধি পাব নেকি ? অহা ১৪ এপ্ৰিলৰ পিছত ল’কডাউন অব্যাহত নাথাকিলেও অসমত বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । শুকুৰবাৰে এই বিষয়ে জানিবলৈ দিয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰে চিন্তা চৰ্চা কৰি আছে। অৰ্থাৎ ল’কডাউন শেষ হলেও পূৰ্বৰ দৰে বহু সুবিধা জনসাধাৰণে উপভোগ কৰিব নোৱাৰিব তথা জনসমাগম হ’ব পৰা বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব । মন্ত্ৰী গৰাকীয়ে এনেদৰেই ১৪ এপ্ৰিলৰ পিছত অসমত বলৱৎ হ’ব পৰা নিৰ্দেশনাসমূহৰ এক আভাস দাঙি ধৰে ।

১৪ এপ্ৰিলৰ পিছতো অসমত চিনেমা হল , বিশ্ববিদ্যালয় , বিদ্যালয় , সাপ্তাহিক বজাৰসমূহকে ধৰি আৰু বহুতো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰখাৰ সম্ভাৱনা আছে । বজাৰসমূহ বন্ধ ৰাখি দোকানসমূহ খোলা ৰখাৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । যাতে জনসমাগম কম হয় । ঠিক সেইদৰে চৰকাৰী কাৰ্যালয়সমূহতো বহু নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ।

অসমত ক’ৰোণা ভাইৰাছৰ ত্ৰাস অন্ত নপৰা পৰ্যন্ত চৰকাৰী চাকৰিয়ালসকলৰ বদলিকৰণৰ কাম বন্ধ থকাৰ পূৰ্ণ সম্ভাৱনা আছে । অৱশ্যে এই সন্দৰ্ভত হ’ব লগা আলোচনাৰ পিছত এই সকলো সিদ্ধান্ত কিছুদিনৰ পিছত প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading