সমষ্টি পুনৰ নিৰ্ধাৰণে সংসদীয় সমষ্টি নগাঁও আৰু কলিয়াবৰ বিজেপিৰ হাতত তুলি দিব বুলি চৰ্চা চলি আছে৷ কিন্তু চৰ্চা চলি থকাৰ দৰেই সকলো হ'ব জানো? কাৰণ, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতো দুয়োটা সমষ্টি বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ বহু পৰিমাণে আজমল কাৰ্ড ভালকৈয়ে খেলিব লাগিব ৷
সমষ্টি পুনৰ নিৰ্ধাৰণে নগাঁও-কলিয়াবৰ বিজেপিৰ হাতত তুলি দিবনে? নগাঁও-কলিয়াবৰৰ বাবে গেৰুৱা দল বিজেপিৰ ৰণকৌশল কি? গৌৰৱ গগৈৰ অনিৰুদ্ধ যাত্ৰা ৰুধিব পাৰিবনে বিজেপিয়ে? AIUDFক আজিৰ তাৰিখত কিমান বেছি প্ৰয়োজন বিজেপিৰ বাবে সেয়া আকৌ এবাৰ প্ৰমাণ হ'ব ২০২৪ৰ লোকসভা নিৰ্বাচনত ৷ আজমলেই হ'ব বিজেপিৰ শেষ ভৰষা৷
লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পিছত কৰ্মকৰ্তাসকলৰ হাতত ৪০০ দিনীয়া কৰ্মসূচী তুলি দিছে ৷ আৰু এই কৰ্মসূচী লৈয়েই ৰণক্ষেত্ৰত জঁপিয়াই পৰিছে বিজেপি কৰ্মীসকলো ৷ কিন্তু ৪০০ দিনীয়া কৰ্মসূচী, বিজেপিৰ পানী নসৰকা ৰণনীতি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণেৰে নিজৰ হাতলৈ আনিব পাৰিব নে কলিয়াবৰ আৰু নগাঁও লোকসভাক।
প্ৰশ্ন উঠাৰ কাৰণটো হৈছে দুয়োটা সমষ্টিত সংখ্যালঘু ভোটাৰৰ দপদপনি৷ এই দপদপনি পূৰ্বেও আছিল আৰু ভৱিষ্যতলৈও থাকিব ৷ ২০১৯ত দুয়োটা সমষ্টি বিজেপিৰ প্ৰতিকুলে যোৱাৰ কাৰণো আছিল এই সংখ্যালঘু ভোটাৰ ৷ কিন্তু ২০২৪ৰ পৰিৱেশ কিছু পৃথক হ'ব বুলি আশা বিজেপিয়ে কৰিছিল ৷ কিন্তু ভাবি থকাৰ দৰে কথাবোৰ হৈ থকা নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে কলিয়াবৰ লোকসভা সমষ্টিত ভোটৰ ব্যাপক সালসলনি ঘটাব বুলিও ভবা হৈছিল যদিও নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট পুনৰ নিৰ্ধাৰণৰ পিছত কলিয়াবৰত সংলগ্ন হ'লে গৌৰৱ গগৈক আৰু শক্তিশালীহে কৰিব ৷
কিয়নো কলিয়াবৰত থাকিব ১ লাখ ৬৩ হাজাৰ সংখ্যালঘু ভোটাৰ থকা ৰূপহী বিধানসভা সমষ্টি আৰু চামগুৰি আৰু ধিঙৰ দুই লাখ সংখ্যালঘু ভোটাৰৰ লগতে থাকিব নগাঁও লোকসভা সমষ্টিৰ ১ লাখ ২৬ হাজাৰ সংখ্যালঘু ভোটাৰ থকা লাহৰিঘাটো ৷ এনে প্ৰেক্ষাপটত কলিয়াবৰৰ গৌৰৱ গগৈৰ পৰা আঁজুৰি অনাতো বিজেপিৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব৷ হয়তো বিজেপিৰ বাবে কলিয়াবৰ উদ্ধাৰৰ শেষ ৰণকৌশলেই হ'ব বদৰুদ্দিন আজমল আৰু AIUDF দল ৷ আজমল-কংগ্ৰেছৰ মাজত অৰিয়া-অৰি লগোৱাত যদি বিজেপি সফল হয় আৰু কলিয়াবৰত AIUDFএ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে বিজেপিৰ বাবে জয়ৰ পথ কিছু সুগম হ'ব ৷ ইয়াৰ অন্যথা বিজেপিয়ে সংখ্যালঘু ভোটাৰৰ মন মুহি জয়ৰ চেষ্টা চলাবৰ বাবে অগপৰ মণিমাধৱ মহন্তক সমষ্টিটোত প্ৰক্ষেপ কৰিব পাৰে ৷
আনহাতে লাহৰীঘাট সমষ্টি নগাঁৱৰ পৰা ওলাই যোৱাৰ ফলত নগাঁও লোকসভা সমষ্টিটো নিজৰ হাতলৈ অনাত কিছু পৰিমাণে সুচল হ'ব বিজেপিৰ ৷ এই সমষ্টিটোত বিগত নিৰ্বাচনত প্ৰায় ১৭ হাজাৰ ভোটত পৰাজিত হৈছিল বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা ৷ এইবাৰ সমষ্টিটোত দলটোৱে সাধাৰণ সম্পাদক দীপলু ৰঞ্জন শৰ্মাক প্ৰক্ষেপৰ সম্ভাৱনা আছে ৷
বিজেপিয়ে ২০২৪ত ১২তকৈ অধিক আসন লাভ কৰিম বুলি কোৱাৰ অন্তৰালতো ক'ৰবাত আজমলক লৈয়েই যে নিজৰ মিছন প্ৰস্তুত কৰা নাই তাক নুই কৰিব নোৱাৰি ৷ কলিয়াবৰত গৌৰৱ গগৈক পৰাজিত কৰাতো এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰো ইচ্ছা আৰু লক্ষ্যত পৰিণত হৈছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ মতে গৌৰৱ গগৈ থকালৈকে শক্তিশালী কংগ্ৰেছ ৷ গৌৰৱ গগৈক পৰাজিত কৰিব পাৰিলেহে কংগ্ৰেছ দুৰ্বল হ'ব বুলি বিশ্বাস কৰে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ দাবী বিজেপিৰ দখললৈ আহিব কলিয়াবৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।