মুখ্যপৃষ্ঠা »খবৰ »অসম »Constituency Delimitation : ২০০৭ৰ খচৰাৰ আধাৰতে হ'ব নেকি সমষ্টি পুনৰ নিৰ্ধাৰণ?

Constituency Delimitation : ২০০৭ৰ খচৰাৰ আধাৰতে হ'ব নেকি সমষ্টি পুনৰ নিৰ্ধাৰণ?

বিভ্ৰান্ত কোনে কৰিছে, কিয় উঠিছে প্ৰশ্নৰ!

বিভ্ৰান্ত কোনে কৰিছে, কিয় উঠিছে প্ৰশ্নৰ!

বিভ্ৰান্ত কোনে কৰিছে, কিয় উঠিছে প্ৰশ্নৰ!

  • Share this:
মুখ্যমন্ত্ৰীয়ে কৈছে নলয়, নিৰ্বাচন আয়োগেও কৈছে কংগ্ৰেছে সন্দেহ কৰিব নালাগে ৷ কিন্তু ইয়াৰ পিছতো আঁতৰা নাই বিভ্ৰান্তি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ আধাৰ হ'ব ২০০৭ চনৰ কুলদীপ সিং কমিটিৰ প্ৰস্তাৱিত খচৰা ৷ এয়া আমাৰ কথা নহয় ৷ এয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ কথা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানিৰ বাবে তিনি দিন গুৱাহাটীত উপস্থিত থাকি উভতি গ'ল ৰাজীৱ কুমাৰৰ নেতৃত্বত অহা নিৰ্বাচন আয়োগ ৷ যোৱাৰ আগত কংগ্ৰেছে অনা অভিযোগৰ উত্তৰ দি গ'ল নিৰ্বাচন আয়োগে ৷ কংগ্ৰেছে অনা মেচ ফিক্সিঙৰ প্ৰত্যুত্তৰত ক'লে, "বিচলিত নাই হোৱা আমি ৷ নিৰ্বাচন আয়োগে যিমানেই সততাৰে কাম নকৰক এনেকুৱা অভিযোগ, কাট মৰা আদিৰ সন্মুখীন হ'ব লগীয়া হয়েই ৷ কৰ্ণাটকতো আমি এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ ৷ তেওঁলোকে যি সন্দেহ কৰিছে সেই সন্দেহৰ ঊৰ্ধ্বত কাম কৰে নিৰ্বাচন আয়োগে ৷" বুলি সংবাদমেলত কয় আয়োগে।

ECIএ এইখিনিতে কৈছে যিখন খচৰাৰ কথা চলি আছে তাতকৈ পৃথক হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ মুখ্যমন্ত্ৰীয়েও এই কথা কৈ থৈছে ৷ কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মতে ২০০৭ৰ খচৰাই হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ আধাৰ। তেওঁ কয়- "২০০৭ চনৰ খচৰাখনৰ মতেই হ'ব ৷ কিন্তু খচৰাখন কাৰ দিনত হৈছিল ৷ লোকপিয়ল কাৰ দিনত হৈছিল? গতিকে অবিশ্বাসৰ থল ক'ত?"

ইমানেই নহয় কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওপৰত তোলা সন্দেহৰ আঙুলি আৰু মেচ ফিক্সিঙৰ অনা অভিযোগক লৈও ক'লে, "কংগ্ৰেছে ভগৱানকো বিশ্বাস নকৰে ৷ মেচ ফিক্সিঙৰ চেম্পিয়ন কংগ্ৰেছ ৷"

ইফালে কংগ্ৰেছে নিৰ্বাচন আয়োগক সাক্ষাৎ নকৰা আৰু নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ প্ৰকাশ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো ৷ কথা হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ আধাৰ ২০০৭ৰ কংগ্ৰেছ আমোলত ন্যায়াধীশ কুলদীপ সিং কমিটিৰ প্ৰতিবেদনৰ ওপৰতে ভিত্তি কৰি হ'ব নেকি? ২০০৭ৰ খচৰাৰ মতে কোকৰাঝাৰ লোকসভাই হেৰুৱাব ST মৰ্যাদা ৷ ধেমাজি জিলাত এটা নতুন বিধানসভা হ'ব, যিটো ST হ'ব ৷ এই দুয়োটাৰে বিৰোধিতা কৰি স্মাৰকপত্ৰ দিছে বিজেপিয়ে ৷ অৰ্থাৎ বিজেপিৰ মতে ২০০৭ চনৰ খচৰাখনেই হ'ব আধাৰ ৷ যি কথাৰ উমান পায়েই বিজেপিয়ে স্মাৰকপত্ৰ দিছে নিৰ্বাচন আয়োগক ৷ আৰু ভৱেশ কলিতাই নিৰ্বাচন আয়োগে কোৱাৰ পিছতো কৈছে ২০০৭ৰ খচৰাই হ'ব পুনৰ নিৰ্ধাৰণৰ আধাৰ ৷

শেহতীয়া বাতৰি