কংগ্ৰেছৰ টিকটত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নেকি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। ইতিমধ্যে ছচিয়েল মিডিয়াত একাংশই প্ৰচাৰ চলাইছে যে, শৃংখল চলিহাই কংগ্ৰেছৰ যোগদান কৰিব। কিন্তু এই খবৰ কিমান সঁচা?
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত সমুখৰ পৰা নেতৃত্ব দিছিল শৃংখল চলিহাই। আনকি ৰাইজৰ দলৰ জন্মৰ সময়তো প্ৰত্যক্ষ ভাবে জড়িত আছিল বীৰ লাচিত সেনাৰ নেতাগৰাকী। আনহাতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈক যিকোনো প্ৰকাৰে জয়ী কৰাব বুলি হুংকাৰ দি আহিছে শৃংখল চলিহাই। কিন্তু তেনে সময়তে উজনি অসমৰ শক্তিশালী জাতীয়তাবাদী নেতাগৰাকীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰে স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। একাংশ সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত শৃংখল চলিহাই কয় যে, ' এই খবৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। বীৰ লাচিত সেনা অসমে কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ওচৰত আত্মসমৰ্পণ নকৰে। সদায় অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব বীৰ লাচিত সেনা অসমে।'
আনহাতে এই অভিসন্ধি সম্পূৰ্ণ ৰূপে বিজেপিৰ আই টি চেলে কৰিছে বুলি অভিযোগ তোলে শৃংখল চলিহাই। শৃংখলৰ মতে, ৰাজ্যৰ জাতীয়তাবাদী চৰিত্ৰক অপমান কৰিবলৈ এতিয়া চেষ্টা চলোৱা হৈছে। লগতে এনেধৰণৰ বাতৰি প্ৰকাশ পালে মানহানি গোচৰ দিয়া হ'ব বুলিও জনাই দিয়ে জাতীয়তাবাদী নেতাগৰাকীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 03, 2021, 14:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।