তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অথবা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা! চলিছে ব্যাপক চৰ্চা

আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাৰ্থী হ'ব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অথবা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা!
আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাৰ্থী হ'ব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অথবা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা!
- News18 Assam
- Last Updated: February 15, 2021, 7:25 PM IST
অমিতাভ শইকীয়াৰ মতে, 'উন্নয়নৰ স্বাৰ্থত স্বাভাৱিকতে এজনে টিকট লাভ কৰাটো দলটোৰ বাবেই গৌৰৱৰ বিষয়৷ কিন্তু মহা-শক্তিশালী এই দুই প্ৰাৰ্থীৰ এজনেও যদি সমষ্টিটোত নিৰ্বাচন খেলে তেন্তে আন দলে প্ৰাৰ্থী থিয় নকৰাটোৱেই শ্ৰেয়।
ইফালে বিজেপি নেতাৰ সুৰতে সুৰ মিলাইছে একাংশ সাধাৰণ ভোটাৰে। সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত সৰ্বা-হিমন্তৰ দৰে শক্তিশালী প্ৰাৰ্থী লাগে তেজপুৰত ৷ মুখ্যমন্ত্ৰী অথবা বিত্তমন্ত্ৰীগৰাকী যদিহে তেজপুৰৰ প্ৰাৰ্থী হয় তেন্তে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ'ব বুলি দাবী কৰিলে একাংশই।
কিন্তু একাংশ ভোটাৰে আকৌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, কাৰোৰে বিজয়ৰ পথ মসৃণ নহয় বুলি দাবী কৰিলে। একে দাবী বিজেপিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ ৷ বিগত লোকসভা নিৰ্বাচনত টিকট লাভৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া মন্ত্ৰী হিমন্তই যদিহে তেজপুৰত টিকট লাভ কৰে তেন্তে নিজ সমষ্টিত ভৰিৰ তলৰ মাটি হেৰুওৱাৰ কথা উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিকো সমালোচনা কৰে কংগ্ৰেছ নেতা আৰ পি শৰ্মাই ৷