• Home
  • »
  • News
  • »
  • assam
  • »
  • নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ! কি ক’লে নাওবৈচাৰ বৰ্তমানৰ AIUDF বিধায়কে?

নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ! কি ক’লে নাওবৈচাৰ বৰ্তমানৰ AIUDF বিধায়কে?

২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া শাসক, বিৰোধীৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰীক তত্‍পৰতা।

  • Share this:
২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া শাসক, বিৰোধীৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰীক তত্‍পৰতা। জানিব পৰা মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই এইবাৰ গহপুৰ সমষ্টিৰ পৰিৱৰ্তে নাওবৈচা সমষ্টিৰ পৰা কংগ্ৰেছ AIUDFৰ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব বিচাৰিছে। সঁচাকৈ যদি ৰিপুণ বৰাই নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচন খেলে, তেন্তে কি কৰিব সমষ্টিটোৰ বৰ্তমান AIUDF বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে?

এই সন্দৰ্ভত বাকপটু বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে News18ৰ আগত কয়  যে, ‘মোৰ বিশ্বাস নহয় যে ৰিপুণ বৰাই নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, আমাৰ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে মোক যি নিৰ্দেশ দিব সেইটোৱেই মই পালন কৰিম।’

মামুন ইমদাদুল হক চৌধুৰীয়ে লগতে কয় যে, আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক আমি পঞ্চদশ বিধানসভাতো বিধায়ক হৈ থাকিম। নাওবৈচা সমষ্টিৰ বিধায়কজনৰ মতে, ২০২১ চনত ক্ষমতাৰ পৰা উৎখাত হব বিজেপি। বিৰোধীৰ মহাজোঁটে ৰাজ্যৰ প্ৰায় ৮০ টা সমষ্টিত জয়লাভ কৰিব। বিধায়ক চৌধুৰীয়ে লগতে কয় যে, বিগত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ ভোট বিভাজনৰ ফলত বিজেপিয়ে প্ৰায় ২৮ টা সমষ্টিত জয়লাভ কৰিছিল।’
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি