৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ-নিৰ্বাচন ৷ বৰ্তমানৰ কেন্দ্ৰীয়মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হ'ব কোন? নাম চৰ্চাত আছে বহুকেইজন নেতাৰ ৷ মাজুলীত বিজেপিক ৰোধ কৰিবলৈ প্ৰাৰ্থী দিব অসম জাতীয় পৰিষদে৷
ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টি মাজুলী বিধানসভা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰি যোৱা মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে কাক প্ৰক্ষেপ কৰিব তাকে লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা ৷ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰৰ শীৰ্ষত আছে বিজেপি নেতা ভূৱন গাম ৷
যদিহে সাংসদ প্ৰদান বৰুৱাক মাজুলীত প্ৰক্ষেপ কৰা হয় লখিমপুৰত পুনৰ অনুষ্ঠিত কৰিব লাগিব উপ-নিৰ্বাচন ৷ লখিমপুৰৰ ৰাইজে ২০১৪ত জয়ী কৰি সংসদলৈ পঠাইছিল সৰ্বানন্দ সোণোৱালক ৷ ২০১৬ত মাজুলী বিধানসভাৰ পৰা সৰ্বানন্দ সোণোৱালে নিৰ্বাচন খেলাত খালী হৈছিল লখিমপুৰ সংসদীয় সমষ্টি ৷ য'ত সেইবাৰ প্ৰদান বৰুৱা হৈছিল লখিমপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৷ কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি জয়ী হৈছিল প্ৰদান বৰুৱা ৷
পুনৰ ২০১৯ত লোকসভা নিৰ্বাচনত ভোট দিব লগীয়া হ'ল লখিমপুৰৰ ৰাইজে ৷ সেয়ে এইখিনিতে উনুকিয়াব পাৰি যে, বিজেপি নেতৃত্বই প্ৰদান বৰুৱাক প্ৰক্ষেপ কৰি পুনৰ আন এক উপ নিৰ্বাচন পাতি অযথা শক্তি ক্ষয় কৰিবলৈ এই সময়ত নিবিচাৰিব ৷ কিন্তু প্ৰদান বৰুৱাই যদি মাজুলীৰ টিকট লাভ নকৰে তেন্তে ২০২৪ত প্ৰদান বৰুৱাই হেৰুৱাব পাৰে লখিমপুৰ সমষ্টি। কাৰণ সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচন খেলাৰ মন মেলিলে প্ৰাৰ্থী হ'ব লখিমপুৰ সমষ্টিৰ পৰাই।
ধেমাজী,জোনাই বিধানসভা সমষ্টি এৰি সাংসদ হোৱাৰ পিছত এতিয়া যেন বিপদেই বিপদ প্ৰদান বৰুৱাৰ ৷ বিপদৰ পৰা সাৰিবলৈকে প্ৰদান বৰুৱাৰ বাবে মাজুলীৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ ৷
আনহাতে,যদিহে প্ৰদান বৰুৱা বা ভূৱন গামক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰে, বৰ্তমানৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী হ'ব পাৰে বিজেপিৰ তৃতীয় পচন্দ৷ কিন্তু মাজুলীত ফেক্টৰ হোৱা মিচিং ভোটাৰৰ বিপৰীতে দেউৰী ভোটাৰৰ সংখ্যা ১৫শৰ ভিতৰত ৷ এই দিশবোৰ চালে ভূৱন গামেই এতিয়া প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা অধিক ৷ অৱশ্যেই হেমচন্দ্ৰ দলে, নৃপেন কামান,বিতোপন দলে,ৰাজশেখৰ দলে,লোকনাথ কুটুম আদিও সমষ্টিটোৰ টিকট প্ৰত্যাশী ৷