உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পৱনসিং ঘাটোৱাৰ হ'ব নেকি ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী? ২ এপ্ৰিলত কাৰ্যকাল সমাপ্ত হ'ব ৰিপুণ বৰা,ৰাণী নৰহৰ!

    পৱনসিং ঘাটোৱাৰ হ'ব নেকি ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী? ২ এপ্ৰিলত কাৰ্যকাল সমাপ্ত হ'ব ৰিপুণ বৰা,ৰাণী নৰহৰ!

    ৰিপুণ বৰা-ভূপেন বৰা বিজেপিৰে ব্ৰেণ্ড এম্বেছেডৰ ৷ দুই বৰাই যিমান কথা ক'ব ভোট বাঢ়িব বিজেপিৰঃ পবিত্ৰ মাৰ্ঘেৰিটা

    ৰিপুণ বৰা-ভূপেন বৰা বিজেপিৰে ব্ৰেণ্ড এম্বেছেডৰ ৷ দুই বৰাই যিমান কথা ক'ব ভোট বাঢ়িব বিজেপিৰঃ পবিত্ৰ মাৰ্ঘেৰিটা

    ৰিপুণ বৰা-ভূপেন বৰা বিজেপিৰে ব্ৰেণ্ড এম্বেছেডৰ ৷ দুই বৰাই যিমান কথা ক'ব ভোট বাঢ়িব বিজেপিৰঃ পবিত্ৰ মাৰ্ঘেৰিটা

    • Share this:
    চলিত বৰ্ষৰ ২ এপ্ৰিলত সমাপ্ত কংগ্ৰেছৰ দুজনকৈ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল ৷ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হ'লে এই দুখন আসনত বহিব কোন? সংখ্যাৰ দিশেৰে মজবুত স্থিতিত নে বিজেপি মিত্ৰজোঁট? ৰাজনীতিত টুইষ্ট! পৱনসিং ঘাটোৱাৰ আহিব নেকি বিজেপিলৈ? অসমৰ ৰাজনীতিত শেহতীয়াকৈ আহিছে ইটোৰ পিছত সিটো টুইষ্ট ৷

    এইবাৰ টুইষ্ট আহিছে প্ৰাক্তন ড'নাৰ মন্ত্ৰী তথা চাহ জনগোষ্ঠীয় শক্তিশালী নেতা পৱন সিং ঘাটোৱাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে দুলীয়াজানত কৰা বৈঠককলৈ ৷ অৱশ্যে এই সাক্ষাৎ চৰকাৰী সাক্ষাৎ বুলি অভিহিত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ বিপৰীতে পৱনসিং ঘাটোৱাৰৰ যোগদানৰ কথা অস্বীকাৰ নকৰি সময়লৈ অপেক্ষা কৰিবলৈ ক'লে বিজেপি সভাপতি ভৱেশ কলিতাই ৷ লগতে ক'লে নতুনৰ আগমনে সন্মান লাঘৱ নকৰে বিজেপিৰ ৷ বিজেপি আগবাঢ়িব জ্যেষ্ঠক সন্মান আৰু নতুনক মৰম দি ৷

    এতিয়া আহিছো মূল প্ৰসংগলৈ...

    চলিত বৰ্ষৰ ২ এপ্ৰিলত সমাপ্ত হ'ব ৰাজ্যসভাৰ দুই কংগ্ৰেছী সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল ৷ ইয়াৰ পূৰ্বে মাজুলীত অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৷ মাজুলীৰ উপ নিৰ্বাচনত যদি বিজেপি জয়ী হ'ব বুলিও ধৰা যায়, তেনেহ'লে বিজেপিৰ নিজা বিধায়কৰ সংখ্যা হ'ব ৬৩, অগপৰ ৯ আৰু UPPLৰ ৭জন বিধায়কক ধৰি মিত্ৰজোঁটৰ সংখ্যা হ'ব ৭৯ ৷

    উল্লেখ কৰিব পাৰি যে, কংগ্ৰেছে নিলম্বিত কৰা ৰহাৰ শশীকান্ত দাসক যদি যোগ কৰা যায় এই সংখ্যা হ'বগৈ ৮০ ৷ নক'লেও হ'ব কংগ্ৰেছ মহাজোঁটত থাকি বিপৰ্যয়ৰ মুখ দেখা বিপিএফৰ তিনি বিধায়কৰো হয়তো সমৰ্থন থাকিব বিজেপি মিত্ৰজোঁটলৈ ৷ কিন্তু দুয়োখন আসনত বিজেপি মিত্ৰজোঁট জয়ী হ'বলৈ লাগিব মেজিক নম্বৰ ৪৩আৰু ৪২ ৷

    প্ৰথমখন আসনত বিজেপি মিত্ৰজোঁটক লগা ৪৩জন বিধায়কৰ সমৰ্থন অনায়াসে লাভ কৰাৰ বিপৰীতে দ্বিতীয় পচন্দৰ বাবে লগা ৪২টা সমৰ্থনো যে বিজেপি মিত্ৰজোঁটে চলে বলে কৌশলে ল'ব সেয়া বৰ্তমানৰ দল বাগৰা বিধায়কৰ ৰাজনীতিৰ ছবিখনে স্পষ্ট কৰিছে ৷ এই সময়ত বহুতৰে মনত হয়তো পৱনসিং ঘাটোৱাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব নেকি বুলি মনত প্ৰশ্ন উদয় হ'লেও বিজেপিয়ে ৰাজ্যসভাৰ বাবে দলৰ পুৰণি কাৰ্যকতাক স্থান দিয়াৰ লগতে মিত্ৰদল UPPLক এখন আসন এৰি দিয়াৰ সম্ভাৱনাই বেছি ৷

    বিজেপিয়ে ইতিমধ্যে প্ৰাক্তন কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাক সাংসদ কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে ৷ অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকো দি থৈছে এখন আসন ৷ থাকিল UPPL আৰু বিজেপিৰ পুৰণি নিষ্ঠাৱান কৰ্মীৰ প্ৰসংগ ৷ গতিকে বিজেপিয়ে হয়তো ইয়াত ল'ব সাপো মৰক লাঠিও নাভাগক নীতি ৷

    ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চৰ্চাত থকাৰ সময়ত কোছ ৰাজবংশীয় বিজেপি নেতা সুভাষ দত্তৰো সিদ্ধি হ'ব পাৰে সংসদীয় ৰাজনীতিলৈ যোৱাৰ সপোন ৷ মঙলবাৰে ৰাজ্যসভাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই "আমি এতিয়া সংগঠনৰ কামত বাৰুকৈয়ে ব্যস্ত ৷ আমাৰ বাবে প্ৰত্যেক নিৰ্বাচনেই গুৰুত্বপূৰ্ণ ৷ সন্মুখত থকা পৰিষদীয় নিৰ্বাচন, নিগম নিকায়ৰ নিৰ্বাচন,উপ নিৰ্বাচন বা ৰাজ্যসভাৰ নিৰ্বাচন সকলো আমাৰ বাবে গুৰুত্বপূৰ্ণ ৷

    সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত আমাৰ দল শক্তিশালী ৰূপত প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হ'ম ৷ কংগ্ৰেছ-AIUDFক অসমৰ ৰাইজে চিনিবলৈ বাকী নাই ৷ তেওঁলোকে নিৰ্বাচন জয়ৰ দিবা স্বপ্নহে দেখিব পাৰে কিন্তু জয়ী হ'ব নোৱাৰে ৷ পমুৱা মুছলমানৰ বাবে যে, এই দুই দল অসমৰ ৰাইজে জানে ৷ ৰিপুন বৰা আৰু ভূপেন বৰা আমাৰ ব্ৰেণ্ড এম্বেছেডৰ ৷ তেওঁলোকে যেতিয়ালৈকে কথা কৈ থাকিব আমি সবতে জিকি থাকিম ৷"—পবিত্ৰ মাৰ্ঘেৰিটা
    Published by:Himangshu Bhuyan
    First published: