• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনৰ পিছতো গুৱাহাটীৰ ৰাজপথত অব্যাহত থাকিব নেকি Odd and Even ব্যৱস্থা?

লকডাউনৰ পিছতো গুৱাহাটীৰ ৰাজপথত অব্যাহত থাকিব নেকি Odd and Even ব্যৱস্থা?

Photo : Sentinel Assam

Photo : Sentinel Assam

কিন্তু মাত্ৰ তিনিদিনৰ বাবে গ্ৰহণ কৰা 'যুগ্ম-অযুগ্ম' ব্যৱস্থা ভৱিষ্যতে গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবেও হ'ব নেকি?

  • Share this:
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চাৰি বছৰ পূৰ্বে দিল্লীৰ প্ৰদুষণ হ্ৰাসৰ উদ্দেশ্যে ৰাজপথত বাহনৰ চলাচল হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিছিল Odd and Even Formulaৰ৷ উচিত বিকল্প ব্যৱস্থা গ্ৰহণ নকৰি জনসাধাৰণক হাৰাশাস্তি কৰা বুলি বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱা কেজৰিৱাল চৰকাৰৰ এই ফৰ্মুলাক ১৫ দিনৰ বাবে আদৰিও লৈছিল দিল্লীবাসীয়ে৷

লকডাউনৰ এই সময়ত ৰাজপথত অত্যধিক বাহনৰ চলাচলৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য কৰা হৈছে Odd and Even ব্যৱস্থাৰ৷ বাহনসমূহৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো ০, ২, ৪, ৬, ৮ হ'লে হ'ব যুগ্ম আৰু একেদৰে বাহনসমূহৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো ১, ৩, ৫, ৭, ৯ হ'লে হ'ব অযুগ্ম৷ মহানগৰীত এই যুগ্ম-অযুগ্ম ব্যৱস্থা নুবুজি একাংশ ৰাইজৰ হৈছে হাহাকাৰময় অৱস্থা৷ জব্দ হৈছে ইখনৰ পিছত সিখন বাহন৷

কিন্তু মাত্ৰ তিনিদিনৰ বাবে গ্ৰহণ কৰা 'যুগ্ম-অযুগ্ম' ব্যৱস্থা ভৱিষ্যতে গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবেও হ'ব নেকি? এয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ এই সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীৰ DCP মায়ংক কুমাৰে কয় যে এয়া পৰীক্ষামূলকভাৱে লোৱা এক ব্যৱস্থা৷ ইয়াৰ ফলাফলসমূহ বিশ্লেষণ কৰি চোৱা হ'ব৷ অনাগত দিনত এই ব্যৱস্থা বাহাল থাকিব নে নাই আৰক্ষীৰ শীৰ্ষ বিষয়াই চিন্তা চৰ্চা কৰিব৷

লকডাউনৰ ফলত এতিয়া সমগ্ৰ ভাৰততে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা৷ জৰুৰীসেৱাসমূহৰ বাহিৰে ৰাজপথ হৈ পৰিছে যান-বাহন শূন্য। হ্ৰাস পাইছে বায়ু প্ৰদুষণ, শব্দ প্ৰদুষণ ইত্যাদি৷ প্ৰকৃতিয়ে ঘূৰাই পাইছে পূৰ্বৰ ছন্দ৷ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে গৰমৰ মাত্ৰাও৷ গতিকে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত তথা যান-জঁট নিয়ন্ত্ৰণৰ বাবেও ভৱিষ্যতে বাহনৰ চলাচলত 'যুগ্ম-অযুগ্ম' ব্যৱস্থা হ'ব পাৰে সমস্যা সমাধানৰ অস্ত্ৰ৷ কিন্তু ইয়াৰ বাবে লাগিব উচিত বিকল্প ব্যৱস্থাও৷
Published by:Sanjay Kumar Das
First published: