বিজেপিৰ বাবে ফেক্টৰ হ'ব নেকি নতুন আঞ্চলিক দল?

News18 Assam | News18-Assam
Updated:September 11, 2020, 8:44 AM IST
বিজেপিৰ বাবে ফেক্টৰ হ'ব নেকি নতুন আঞ্চলিক দল?
২০১৪, ২০১৬, আৰু ১৯ অসম প্ৰদেশ বিজেপিয়ে বিগত নিৰ্বাচনতে দেখুৱাইছে আহিছে আশাপ্ৰদ ফলফল৷

২০১৪, ২০১৬, আৰু ১৯ অসম প্ৰদেশ বিজেপিয়ে বিগত নিৰ্বাচনতে দেখুৱাইছে আহিছে আশাপ্ৰদ ফলফল৷

  • News18 Assam
  • Last Updated: September 11, 2020, 8:44 AM IST
  • Share this:
আছু, AJYCP, কৃষক মুক্ত সংগ্ৰাম সমিতি উদ্যত হৈছে নতুন ৰাজনৈতিক দল গঠনৰ বাবে৷ বাঘে-চাগে একে ঘাটতে পানী খাবলৈ সাজু হৈছে কংগ্ৰেছ-AIUDF৷ ইয়াৰ মাজতে নিৰ্বাচনলৈ টঙালী বান্ধিছে গেৰুৱা দল বিজেপিয়ে৷ ২০১৪, ২০১৬, আৰু ১৯ অসম প্ৰদেশ বিজেপিয়ে বিগত নিৰ্বাচনতে দেখুৱাইছে আহিছে আশাপ্ৰদ ফলফল৷ সন্মুখত ২০২১ৰ নিৰ্বাচন৷ তাৰ আগতে বিটিচি নিৰ্বাচনে বিজেপিৰ সাংগঠনিক দক্ষতা নিৰূপণ কৰিব৷

তাক লৈ সম্পূৰ্ণ সাজু ৰাজ্যিক বিজেপিৰ নেতৃত্ব৷ শেহতীয়াকৈ নেতৃত্ব মিলিত হৈছে বৈঠকত৷ অজয় জামোৱাল, ফণী শৰ্মা, ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব মিলিত হৈছে শেহতীয়াকৈ গোপন বৈঠকত৷ সোণোৱাল, হিমন্তৰ ঘৰৰ বৈঠক শেষ, এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ ঘৰত হ'ব বৈঠক৷ আলোচনা এটাই৷ কিদৰে প্ৰতিহত কৰিব পৰা যায় বিৰোধীক উত্থানৰ ইংগিত লোৱা নতুন ৰাজনৈতিক দলক৷

আছু, AJYCPৰ ভ্ৰুণ সদৃশ ৰাজনৈতিক দলটোক যে ভয় খাইছে সেয়া নিশ্চিত৷ কথা হ'ল আছু, AJYCPৰ নতুন দল, কংগ্ৰেছ AIUDFৰ মিত্ৰতা, অগপই হেৰুওৱা বিশ্বাস, বিপিএফৰ সৈতে হোৱা আউল, এইবোৰৰ মাজেৰে বিজেপিয়ে ২১ত পুনৰ দিছপুৰৰ মছনদ দখল কৰিব পাৰিবনে?
Published by: Sanjay Kumar Das
First published: September 11, 2020, 8:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading