• Home
  • »
  • News
  • »
  • assam
  • »
  • Explainer : মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষা হ'বনে, ঐতিহ্য ক্ষেত্ৰ মাজুলী নিশ্চিহ্ন হ'ব নেকি ! ভবিষ্যৎ কি মাজুলীৰ?

Explainer : মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষা হ'বনে, ঐতিহ্য ক্ষেত্ৰ মাজুলী নিশ্চিহ্ন হ'ব নেকি ! ভবিষ্যৎ কি মাজুলীৰ?

file image

file image

যোৰহাট-মাজুলী দলঙৰ কাম আৰম্ভ হৈছে। দলংখন হ'লএই মাজুলীবাসীৰ যাতায়াতৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান হ'ব, কিন্তু তাৰ লগে লগে চৰকাৰে মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষাৰ বাবেও ল'ব লাগে দৰকাৰী ব্যৱস্থা।

  • Share this:
মাজুলী,  নামটোতে আছে যেন প্ৰকৃতিৰ নিৰ্মল সৌন্দৰ্য, আছে যেন এক আকুল আহ্বান । নিজৰ পৰিচয়েৰে বিশ্বৰ বুকুত জিলিকি উঠা মাজুলীৰ যেনেদৰে এক সোণালী অতীত আছিল ঠিক সেইদৰে অনাগত দিনত মাজুলীৰ ভবিষ্যতক লৈও প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত।

১৬শ বৰ্গ কিলোমিটাৰৰ মাজুলীৰ বৰ্তমান আছেগৈ প্ৰায় ৩৫০ বৰ্গ কিলোমিটাৰ মাথো । ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিয়ে প্ৰতি বছৰেই  মাজুলীৰ এক বৃহৎ অংশ খহাই নি আছে । হাজাৰ-হাজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখন, কৃষিভূমি খহনীয়াত হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পথৰ দাতিত বা অন্য স্থানত আশ্ৰয় লৈ আছে । একে নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ খহনীয়াত কেতিয়াবা একোখনকৈ গাওঁ জাহ গৈছে । এতিয়া প্ৰশ্ন হৈছে সুৰক্ষাৰ দায়‍িত্বত থকা বিভাগ সমূহে কি কৰিছে ?

মাজুলীখনক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰি উত্তৰ পাৰৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগ আৰু দক্ষিণ পাৰৰ সুৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ এজেঞ্চী ব্ৰহ্মপুত্ৰ ব'ৰ্ডক ন্যস্ত কৰা হৈছে । কিন্তু এই দুটা বিভাগে জানো আজিলৈকে মাজুলীক প্ৰকৃতাৰ্থত সুৰক্ষা দিব পাৰিছে ? মাজুলীবাসীৰ মতে নাই পৰা । কিয়নো প্ৰত্যেক বছৰেই মাজুলীৰ বিভিন্ন অঞ্চলসমূহৰ খহনীয়া চলি থকা আৰু ক্ৰমান্বয়ে শীৰ্ণকায় হৈ পৰা মাজুলীয়ে তাকেই প্ৰমাণ কৰিছে ।

২০০৪ চনৰ পৰাই মাজুলীৰ সুৰক্ষাৰ দায়িত্ব লাভ কৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বৰ্তমানলৈকে মাজুলীৰ দক্ষিণ পাৰৰ অঞ্চলসমূহ যেনে শালমৰা, চুমৈমাৰী-বেঙেনাআটী, কমলাবাৰী পাৰঘাটৰ ওচৰৰ অঞ্চলসমূহ, বৃহত্তৰ ভকতচাপৰি অঞ্চল, কৰতিপাৰ পঞ্চায়তৰ সাৰআটি, ছামগুৰি আদি মূল খহনীয়া গ্ৰস্ত অঞ্চলসমূহ সুৰক্ষা দিব নোৱাৰাটো ইতিমধ্যে সকলোৱে প্ৰমাণ পাইছে । আনহাতে জলসম্পদ বিভাগেও মাজুলীৰ উত্তৰ পাৰৰ জেংৰাইমূখ, চিতাদাৰ, মাজৰ চাপৰি, মিছামৰা, আহতগুৰি মৌজা আদি বিভিন্ন স্থানত সুৰক্ষাৰ বাবে কৰা কামসমূহৰ অস্তিত্ববিহীন অৱস্থাৰ পৰা বুজিব পাৰি আচলতে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা বিভাগ দুটাই কিমান দায়বদ্ধতাৰে সুৰক্ষাৰ কামসমূহ কৰিছে ।

যি সময়ত নতুন নতুন প্ৰযুক্তিৰ আবিৰ্ভাবে মানৱ জীবন সৰল কৰি তুলিছে সেই সময়ত বিভাগ দুটাই খহনীয়াগ্ৰস্ত অঞ্চলত গছৰ দাল কাটি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে । এইবছৰ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধীনত টি কে নামৰ এটা কোম্পানীয়ে শ কোটি টকাৰ জিঅ' বেগৰ আঁচনিৰে দক্ষিণপাৰৰ অঞ্চলসমূহ সুৰক্ষাৰ বাবে কাম কৰিছিল যদিও কামৰ গাফিলতিৰ বাবেই কমলাবাৰী পাৰঘাট, ভকতচাপৰি, সাৰআটি আদি অঞ্চলৰ বহু স্থানত জিঅ'বেগ সমূহ ব্ৰহ্মপুত্ৰত জাহ যায় । চৰকাৰে আঁচনি দিছে, ধনো আৱণ্টন দিছে কিন্তু বিজ্ঞানসন্মত ভাবে মাজুলীক স্থায়ী সুৰক্ষা দিয়াত সকলো ব্যৰ্থ হৈছে ।

শেহতীয়াকৈ যোৰহাট-মাজুলী দলঙৰ কাম আৰম্ভ হৈছে। দলংখন হ'লএই মাজুলীবাসীৰ যাতায়াতৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান হ'ব, কিন্তু তাৰ লগে লগে চৰকাৰে মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষাৰ বাবেও ল'ব লাগে দৰকাৰী ব্যৱস্থা। দলঙৰ লগতে মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষাও মাজুলীবাসীৰ বাবে অতিকে প্ৰয়োজন ।

মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ বাবে সকলোৱে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও স্থায়ী সুৰক্ষা নোহোৱালৈকে হয়তো সেইয়াও সপোন হৈয়ে থাকিব ।  বাৰেৰহণীয়া সংস্কৃতি, অনন্য সত্ৰীয়া সংস্কৃতি, মুখাশিল্প, মৃৎ শিল্পই মাজুলী খনক বিশ্বৰ বুকুত জিলিকাই তুলিছিল । কিন্তু বৰ্তমান মাজুলীবাসীৰ মনত এটা শংকাই অহৰহ ক্ৰিয়া কৰি থাকে সেইটো হৈছে অনাগত দিনত মাজুলী হেৰাই যাব নেকি নদীৰ গৰ্ভত? কেৱল মেপতহে থাকিব নেকি মাজুলীৰ নাম?

এতিয়া উপ নিৰ্বাচন , ৰাস, পালনাম, ভাওনা সমাৰোহ সমাগত । উৎসৱ মূখৰ হৈ পৰিব মাজুলী । পৰি ৰ'ব মাজুলীৰ সুৰক্ষাৰ বিষয়টো । পুনৰ বাৰিষা অহাৰ লগে-লগে খহনীয়াই  পুনৰ সংকুচিত কৰিব মাজুলী, বহু পৰিয়ালে হেৰুৱাব নিজৰ আপোন ঘৰখন, বহু সপোন জাহ যাব ব্ৰহ্মপুত্ৰত ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি