• Home
  • »
  • News
  • »
  • assam
  • »
  • সেনাৰ অভিযানত নিহত হ'ব নেকি কুইপ'ৰ দুই অপহৃত বিষয়া?

সেনাৰ অভিযানত নিহত হ'ব নেকি কুইপ'ৰ দুই অপহৃত বিষয়া?

কুইপ'ৰ অপহৃত দুই বিষয়াকলৈ ULFA-I-এ শনিবাৰে এক নতুন বিবৃতি প্ৰেৰণ কৰিলে

কুইপ'ৰ অপহৃত দুই বিষয়াকলৈ ULFA-I-এ শনিবাৰে এক নতুন বিবৃতি প্ৰেৰণ কৰিলে

কুইপ'ৰ অপহৃত দুই বিষয়াকলৈ ULFA-I-এ শনিবাৰে এক নতুন বিবৃতি প্ৰেৰণ কৰিলে

  • Share this:
কুইপ'ৰ অপহৃত দুই বিষয়াকলৈ ULFA-I-এ শনিবাৰে এক নতুন বিবৃতি প্ৰেৰণ কৰিলে ৷ এই বিবৃত্তিৰ জৰিয়তে তৈলক্ষেত্ৰ খননকাৰী কোম্পানী কুইপ'য়ে বিলম্বিত কৌশল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে, অপহৃত দুই বিষয়াক উদ্ধাৰৰ বাবে সেনাই চলাই আছে অভিযান ৷ এইক্ষেত্ৰত অসম আৰু অৰুণাচল প্ৰদেশ মুখ্যমন্ত্ৰীয়ে অনুমোদন জনাইছে বুলি কোৱা হৈছে ৷ সেনা অভিযানত দুই বিষয়া নিহত হ'লে জগৰীয়া হ'ব সেনা। লগতে অসম-অৰুণাচলৰ দুই মুখ্যমন্ত্ৰও জগৰীয়া হ'ব বুলি উল্লেখ কৰে বিবৃতিটোত ৷

আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুবেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে- “ULFA-I আৰু Quippoৰ মাজত চলি থকা বন্দী বিনিময় সংঘাত ওৰ পেলোৱাৰ সুত্ৰ উদঘাটনৰ বিপৰীতে Quippo আৰু অসম-অৰুণাচলৰ সন্মানীয় মুখ্যমন্ত্ৰীদ্বয়ে বিলম্বিত কৌশল  প্ৰয়োগ কৰি সামৰিক অভিযানৰ জৰিয়তে বন্দী বিষয়া দুগৰাকীক সপ্তাহজোৰা উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই সমগ্ৰ অভিযানৰ নিকৃষ্ট প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ অনুমোদন জনাইছে অসম আৰু অৰুণাচলৰ সন্মানীয় মুখ্যমন্ত্ৰীদ্বয়ে ৷”

এনেদৰে উল্লেখ কৰি দিয়া বিবৃতিটোত আলফা স্বাধীনে পুনৰ কয়- “আগন্তুক দিনত ইউনিফাইড কমাণ্ডৰ দ্বাৰা পৰিচালিত ভাৰতীয় দখলদাৰী বাহিনীয়ে অভিযান চলাই থকা সময়ছোৱাত যিকোনো মূহূৰ্তত দুয়োজন Quippoৰ বিষয়া-কৰ্মচাৰীয়ে অনাকাংক্ষিত ঘটনাত পতিত হোৱাটো নিশ্চিত ৷ যদি সেয়ে হয়; তেন্তে ইয়াৰ সম্পূৰ্ণ দায়-দায়িত্ব অসম আৰু অৰুণাচলৰ সন্মানীয় মুখ্যমন্ত্ৰীদ্বয় আৰু ভাৰতীয় দখলদাৰী বাহিনীয়ে বহন কৰিব লাগিব ৷”
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৮ ডিচেম্বৰতে আলফা স্বাধীনে অৰুণাচলৰ পৰা অপহৰণ কৰি নিছিল কুইপ'ৰ দুই বিষয়াক ৷
Published by:Himangshu Bhuyan
First published: