মুখ্যপৃষ্ঠা »খবৰ »অসম »JORHAT : এইবাৰ বাৰিষা কৃত্ৰিম বানত ডুব যাব নেকি যোৰহাট নগৰ! নগৰৰ জল প্ৰবহনৰ মাধ্যম টোকলাই জান বেদখল

JORHAT : এইবাৰ বাৰিষা কৃত্ৰিম বানত ডুব যাব নেকি যোৰহাট নগৰ! নগৰৰ জল প্ৰবহনৰ মাধ্যম টোকলাই জান বেদখল

" 2014 চনৰ পৰা টোকলাই জানটো পৰিস্কাৰ কৰা আমি দেখা নাই । "

" 2014 চনৰ পৰা টোকলাই জানটো পৰিস্কাৰ কৰা আমি দেখা নাই । "

  • Share this:

এইবাৰ বাৰিষা যোৰহাট নগৰত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰবল হৈ পৰিছে। নগৰখনৰ জল প্ৰবহনৰ অন্যতম মাধ্যম টোকলাই জানত একাংশ লোকে বেদখল কৰাৰ লগতে আৱৰ্জনাই পুতি পেলাইছে যোৰহাট নগৰৰ এই অতি গুৰুত্বপূৰ্ণ জানটো।


যোৰহাট পৌৰসভাৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফলত এইবাৰ বাৰিষা দুৰ্ভোগ ভুগিব লাগিব যোৰহাটবাসী ৰাইজে। যোৰহাট নগৰৰ জল জল প্ৰবহনৰ অন্যতম মাধ্যম টোকলাই জানৰ ৰূপ দেখিলে চকু কপালত উঠিব আপোনাৰ। একাংশ লোকে ব্যৱসায় প্ৰতিষ্ঠান তথা বাসগৃহৰ বাবে টোকলাই জানটোৰ বহু অংশত বেদখল চলাই একপ্ৰকাৰ পুতি পেলাইছে যোৰহাট নগৰৰ এই অতি গুৰুত্বপূৰ্ণ জানটো।


একাংশ ডেম্পৰ সামগ্ৰী ৰখা ঠাইলৈ পৰ্যবসিত হৈছে টোকলাই জানৰ বহু অংশ। জাবৰৰ দমত একপ্ৰকাৰ পোত গৈছে জানটোৰ বহু অংশ। পানী পৰিবাহী জানটোত এতিয়া গজি উঠিছে গছ-লতিকা। স্থানীয় লোকে জানিবলৈ দিয়া মতে বিগত প্ৰায় ৯ বছৰে পৰিষ্কাৰ কৰা হোৱা নাই এই জানটো।


" ২০১৪ চনৰ পৰা টোকলাই জানটো পৰিষ্কাৰ কৰা আমি দেখা নাই। জানটোত অবাধে বেদখল চলিছে। জানটো কবৰস্থানৰ সমীপত পোত খাই ইয়াত এতিয়া বিলাহী, অমিতাৰ খেতি হৈছে। জানটো পৰিষ্কাৰ নকৰিলে যোৰহাট নগৰৰ বহু নলা-নৰ্দমাত পানী আবদ্ধ হৈ নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব।" স্থানীয় লোক বচিৰ আলীয়ে এনেদৰে কয়।


বাৰিষাৰ পূৰ্বে টোকলাই জান খান্দি পৰিস্কাৰ নকৰিলে নগৰৰ জল জল প্ৰবহনত ব্যাপক সমস্যাই দেখা দিয়াৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকসকলে। আনহাতে যোৰহাট পৌৰ প্ৰশাসনৰ চকুৰ সন্মুখতে টোকলাই জানত একাংশ ব্যৱসায়ীয়ে কেনেদৰে বেদখল কৰিবলৈ সাহস পাইছে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত সময় থাকোঁতেই বাৰিষাৰ পূৰ্বে যোৰহাট জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

শেহতীয়া বাতৰি