জয়ন্ত মল্ল বৰুৱা হ'ব নেকি বিজেপিৰ সাধাৰণ সম্পাদক?

News18 Assam | News18-Assam
Updated:February 13, 2020, 7:19 PM IST
জয়ন্ত মল্ল বৰুৱা হ'ব নেকি বিজেপিৰ সাধাৰণ সম্পাদক?
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পুলক গোঁহাই থাকিবনে সাধাৰণ সম্পাদক হৈ! কি চৰ্চা চলিছে টীম ৰণজিৎ দাসৰ দ্বিতীয় ইনিংছক লৈ?

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পুলক গোঁহাই থাকিবনে সাধাৰণ সম্পাদক হৈ! কি চৰ্চা চলিছে টীম ৰণজিৎ দাসৰ দ্বিতীয় ইনিংছক লৈ?

  • Share this:
১৮ জানুৱাৰীত দ্বিতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ৷ কাৰ্যভাৰ গ্ৰহণ কৰিলে যদিও নতুন কমিটী এই পৰ্যন্ত গঠন কৰা নাই বিজেপিয়ে ৷ কোন নতুন মুখে মাৰিব ভুমুকি, কোন হ'ব OUT......টীম ৰণজিৎ দাসৰ সম্ভাৱ্য তালিকাক লৈ এতিয়া বিজেপিৰ ভিতৰ মহলত চলিছে ব্যাপক চৰ্চা ৷

২০২১ৰ বিধান সভা নিৰ্বাচনৰ লক্ষ্যৰে ৰণজিৎ দাসে ১৮জানুৱাৰীত আৰম্ভ কৰিলে দ্বিতীয় ইনিংছ ৷ শীঘ্ৰেই গঠন হ'ব বিজেপিৰ নতুন ৰাজ্যিক কমিটী ৷  কোন হ'ব IN, কোন হ'ব OUT? এই প্ৰসংগকলৈ বিজেপিৰ ভিতৰচ'ৰাত চলিছে ব্যাপক চৰ্চা ৷ বিশেষকৈ কাৰ্যনিৰ্বাহকত থকা তিনিজন সাধাৰণ সম্পাদকৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পুলক গোঁহাই অন্যতম সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহকত পুনৰ থাকাটো একপ্ৰকাৰ নিশ্চিত ৷  বাকী দুজনৰ ভিতৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নাম চৰ্চাত ৷ যদিহে জয়ন্ত মল্ল বৰুুুৱা IN হয় OUT হ'ব মৃগাংক বৰ্মণ ৷

অৱশ্যেই দলত থকা অৰিহণাৰ বাবে মৃগাঙ্ক বৰ্মনক আন পদবীৰে সংস্থাপিত কৰাৰ সম্ভাৱনা অধিক ৷ একেদৰে প্ৰদেশ বিজেপিৰ যুৱনেতা দীপ্লু ৰঞ্জন শৰ্মা হোৱাৰ সম্ভাৱনা তৃতীয়জন সাঃ সম্পাদক ৷ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়া হ'ব টীম ৰণজিৎ দাসৰ অন্যতম উপসভাপতি ৷

লগতে, সাল–সলনি হ'ব বিজেপিৰ আঠটাকৈ মৰ্চাৰ অধিকতে ৷ সলনি হোৱাৰ সম্ভাৱনা সংখ্যালঘু মৰ্চাৰ সভাপতিও ৷ বিজেপিৰ নিৰ্ভৰযোগ্য সুত্ৰৰ মতে বিজেপিৰ ৰাজ্যিক কোষাধ্যক্ষ হিচাপে পূৰ্বৰ পদবীতে থাকিব  ৰাজকুমাৰ শৰ্মা ৷ বৰ্তমান বিজেপিৰ বিষয়ববীয়াৰ তালিকাত আছে এজন সভাপতি, ৯জন উপ সভাপতি,তিনিজন সাধাৰণ সম্পাদক, এজন সমগ্ৰ অসমৰ সাংগঠনিক সম্পাদক, উজনি অসমৰ দায়িত্বত থকা এজন সাংগঠনিক সম্পাদক, এজন কোষাধ্যক্ষ, ৯জন সম্পাদক, আঠটাকৈ মৰ্চাৰ সভাপতিকে ধৰি অতিৰিক্ত ১৫জন বিষয়ববীয়া ৷

ইয়াৰ লগতে সালসলনি ঘটিব পাৰে বিজেপিৰ কাৰ্যবাহী কমিটীখনো ৷ য'ত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,প্ৰাক্তন সভাপতি ৰাজেন গোঁহাই, প্ৰাক্তন সভাপতি নাৰায়ণ বৰকটকী, ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, মন্ত্ৰী ৰণজিৎ দত্ত, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপিৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থ, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মন্ত্ৰী ছুম ৰংহাং ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি