ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ–AIUDFৰ প্ৰাৰ্থী হ’ব নেকি বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা?

News18 Assam | News18-Assam
Updated:March 5, 2020, 1:08 PM IST
ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ–AIUDFৰ প্ৰাৰ্থী হ’ব নেকি বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা?
তৰুণ গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী, কোনো ব্যক্তিক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছিল

তৰুণ গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী, কোনো ব্যক্তিক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছিল

  • Share this:
অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত এখন আসনৰ বাবে কংগ্ৰেছ–AIUDF দলে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকথা স্পষ্ট কৈ জনাইছে প্ৰক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে AIUDFৰ বিধায়ক আমিনুল ইছলামে।

আনকি তৰুণ গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী, কোনো ব্যক্তিক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছিল।  চৰ্চা চলিছিল বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, অদীপ ফুকন, অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ নাম। পিছত এইবিষয়লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক চৰম কটাক্ষ কৰিছিল। ৰাজ্যসভাৰ প্ৰাৰ্থী হ’বলৈকে ৰাজ্যত ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰী শৰ্মাই।

এইবাৰ এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই। এনেদৰে কোনো সত্যতা নথকাকৈ নাম চৰ্চালৈ অহাত দুখ প্ৰকাশ কৰিছে জাহ্নু বৰুৱাই। জাহ্নু বৰুৱাই কয় যে, তেওঁ কেতিয়াও ৰাজ্যসভাৰ প্ৰাৰ্থী হ’বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। আনকি তেওঁ এই বিষয়ে কাৰো সৈতে কথাও পতা নাই।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading