• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাৎ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ মুখত কিয় ওলাল 'অৱসৰ'ৰ কথা?

হঠাৎ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ মুখত কিয় ওলাল 'অৱসৰ'ৰ কথা?

অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিজেপি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আসন্ন ২০২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবনে?

  • Share this:
অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিজেপি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আসন্ন ২০২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবনে? মঙলবাৰে এই প্ৰশ্ন কৰা হ'ল গোস্বামীক ৷ প্ৰশ্ন কৰা হ'ল- “দলে টিকট দিবনে '২১ত হিতেন্দ্ৰনাথ গোস্বামীক?”

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে ক'লে- “নিৰ্বাচন খেলা-নেখেলাতো প্ৰথম তেওঁৰ কথা ৷ দ্বিতীয়তে দলে টিকট দিবনে নাই, সেয়া দলে সিদ্ধান্ত ল'ব ৷ নিৰ্বাচনলৈ সময় আছে ৷ মই এতিয়া অধ্যক্ষ হিচাপে কাম কৰি আছো নিৰপেক্ষভাৱে ৷ নিৰ্বাচনী আচৰণ বিধি ঘোষণা হোৱাৰ পিছতহে কথাবোৰ ক'ব পৰা যাব ৷”

কথাৰ মাজতে  প্ৰসংগক্ৰমে হিতেন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰিলে 'অৱসৰ'ৰ প্ৰসংগ ৷ পিছে কিয় উল্লেখ কৰিলে অৱসৰৰ প্ৰসংগ? ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি গোস্বামীয়ে?

গোস্বামীয়ে ক'লে - “সকলোৰে অৱসৰৰ এটা সময় থকা উচিত ৷ আমেৰিকাত দুবাৰহে নিৰ্বাচন খেলিব পাৰে ৷” এই কথা কৈ অধ্যক্ষ গোস্বামীয়ে মহিলাৰ আসন সংৰক্ষণৰ কথাও ক'লে ৷ অৱশ্যে এয়া তেওঁৰ ব্যক্তিগত মতামত বুলিহে উল্লেখ কৰে ৷ ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে সিদ্ধান্ত ল'ব লাগিব ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি