'গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ দিব মোৰ ল'ৰাই'- ৰাজনীতিলৈ আহিব নেকি মন্ত্ৰী হিমন্তৰ পুত্ৰ? স্পষ্ট মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:January 30, 2021, 1:01 PM IST
'গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ দিব মোৰ ল'ৰাই'- ৰাজনীতিলৈ আহিব নেকি মন্ত্ৰী হিমন্তৰ পুত্ৰ? স্পষ্ট মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙিবঃ হিমন্ত বিশ্ব শৰ্মা

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙিবঃ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
শনিবাৰে পুনৰ এবাৰ বিৰোধীক উদ্দেশ্যি তীক্ষ্ন বাক্যবান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিদিয়ে গৌৰব গগৈৰ কোনো প্ৰশ্নৰ উত্তৰ। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, 'গৌৰৱ সৰু লৰা। গৌৰৱ গগৈৰ কোনো প্ৰস্নৰ উত্তৰ নিদিও। তেখেতৰ পিতৃৰ সৈতে যি কথা পাতিব লাগে পাতিলো। মোৰ ল'ৰাই উত্তৰ দিব গৌৰৱ গগৈৰ প্ৰশ্ন।'

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য শুনি লগে লগে সাংবাদিকৰ প্ৰশ্ন-ৰাজনীতিলৈ আহিব নেকি হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ? কিন্তু মন্ত্ৰী শৰ্মাৰ স্পষ্টকৈ পুত্ৰ ৰাজনীতিলৈ নাহে বুলি জনায়।

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত মুছলমান অধ্য়ুসিত অঞ্চলত নামমাত্ৰ প্ৰাৰ্থীহে আগবঢ়াব বিজেপিয়ে। এই কথা জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে মন্ত্ৰী শৰ্মাই কংগ্ৰেছ মহাজোঁটে কেৱল মুছলমানৰ ভোট লাভ কৰিব বুলি কটাক্ষ কৰে।  লগতে মন্ত্ৰীগৰাকীয়ে মিঞাৰ ভোট নালাগে বুলিও ৰাজহুৱাকৈ মন্তব্য কৰে।

আনহাতে বিজেপি বিৰোধী সকলো দলকে একলগ হ'বলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই কয় যে, 'অজিত ভূঞাৰ সৈতে মই একমত। বিজেপি বিৰোধী সকলো দল একগোট হওক। নহ'লে ৰাইজে বিজেপিৰ বি টিম বুলি আখ্যা দিব।' আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙিব বুলিও তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: January 30, 2021, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি