শীৰ্ষ নেতৃত্বৰ সেউজ সংকেত পালেই কংগ্ৰেছলৈ ঘূৰি যাব নেকি হিমন্ত বিশ্ব? তাত্পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্বৰ

মন্ত্ৰীগৰাকীয়ে লগতে BTAD নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে
মন্ত্ৰীগৰাকীয়ে লগতে BTAD নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে
- News18 Assam
- Last Updated: September 19, 2020, 1:25 PM IST
বিষয়টোৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোক এইবোৰ কথাত অযথা টানি লাভ নাই। ২০১২ চনৰ পৰিবেশ হলে কথা আন আছিল। এতিয়া যদি টাইম মেচিনৰ জৰিয়তে পুনৰ সেই সময়লৈ উভতি যাব পাৰি তেনেহলে কথা সুকীয়া।’
মন্ত্ৰীগৰাকীয়ে লগতে BTAD নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘নিৰ্বাচন স্থগিত কৰিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিত ভাবে জনাইছে। কাৰণ এই সময়ত নিৰ্বাচন হ’লে বিভীষিকাময় পৰিস্থিতি হব। কেৱল BTADতে নহয় তাৰ পৰা নলবাৰী, দৰং আদি জিলালৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। মই কোনো ৰাজনৈতিক দলক দুখ নিদিওঁ। কাৰণ এটা দলে নিৰ্বাচন খেলাৰ মন কৰিলে আন দলসমূহেও নিৰ্বাচন খেলাৰ মন কৰিব।’