মুখ্যপৃষ্ঠা »খবৰ »অসম »অনিশ্চয়তাত অসমৰ হজ যাত্ৰী ! এই পৰ্যন্ত হোৱা নাই চাৰ্টাৰ্ড ফ্লাইটৰ সুবিধা ...

অনিশ্চয়তাত অসমৰ হজ যাত্ৰী ! এই পৰ্যন্ত হোৱা নাই চাৰ্টাৰ্ড ফ্লাইটৰ সুবিধা ...

চাৰ্টাৰ্ড বিমান নহ'ব নেকি ? সাধাৰণ যাত্ৰীৰ সৈতে কৰিব লাগিব নেকি হজ যাত্ৰা ? খবৰেই নাই বিভাগীয় মন্ত্ৰীৰ ...

চাৰ্টাৰ্ড বিমান নহ'ব নেকি ? সাধাৰণ যাত্ৰীৰ সৈতে কৰিব লাগিব নেকি হজ যাত্ৰা ? খবৰেই নাই বিভাগীয় মন্ত্ৰীৰ ...

চাৰ্টাৰ্ড বিমান নহ'ব নেকি ? সাধাৰণ যাত্ৰীৰ সৈতে কৰিব লাগিব নেকি হজ যাত্ৰা ? খবৰেই নাই বিভাগীয় মন্ত্ৰীৰ ...

  • Share this:
ইছলাম ধৰ্মাৱলম্বী লোকসকৰ বাবে হজ হৈছে পঞ্চস্তম্ভৰ অন্যতম এক স্তম্ভ ৷ এই পবিত্ৰ হজযাত্ৰা কৰিবলৈ আগবাঢ়ি অসমৰ হজযাত্ৰীসকল এইবাৰ বিমোৰত পৰিছে ৷ হজযাত্ৰী সকলৰ বাবে এইবাৰ এই পৰ্যন্ত হোৱা নাই চাৰ্টাৰ্ড ফ্লাইটৰ সুবিধা ৷

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে হজ যাত্ৰাৰ গুৰুত্ব অপৰিসীম ৷ প্ৰতিগৰাকী ইছলামৰ বাবে যিদৰে নামাজ, কলিমা, ৰোজা, জাকাত গুৰুত্বপূৰ্ণ ঠিক এক্দৰে হজ ইছলামৰ পঞ্চস্তম্ভৰ অন্যতম স্তম্ভ ৷ এই হজৰ বাবে আশাৰে জীৱন অতিবাহিত কৰা লোকসকল এতিয়া অনিশ্চয়তাত ৷ কিয়নো, এইবাৰ হজ যাত্ৰীৰ বাবে হোৱা নাই চাৰ্টাৰ্ড বিমানৰ সুবিধা ৷

৪জুনত অসমৰ পৰা যাব হজ যাত্ৰী ৷ অসম তথা উত্তৰ পূবৰ পৰা এইবাৰ সৰ্বমুঠ ৫,৯৯৬গৰাকী লোকে কৰিব হজ যাত্ৰা ৷ পিছে এইবাৰ সকলো ব্যৱস্থা হৈ উঠা নাই ৷ চাৰ্টাৰ্ড বিমানৰ হোৱা নাই ব্যৱস্থা ৷ চাৰ্টাৰ্ড বিমান নহ'লে যাত্ৰী সকল যাব লাগিব সাধাৰণ যাত্ৰীৰ সৈতে সাধাৰণ বিমানত ৷ পোনে পোনে মদিনাৰ সলনি দিল্লী, মুম্বাই হৈ কৰিব লাগিব যাত্ৰা ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা ছৈয়দ মমিনুল আৱালে ৷ "বিভিন্নজনে অসুবিধাখিনি ফোন যোগে জনাইছে ৷ চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা নহ'লে যাত্ৰী সকল মহা অসুবিধাত পৰিব ৷ প্ৰতিবাৰেই মদিনালৈ পোনে পোনে যোৱাৰ ব্যৱস্থা থাকে ৷ এইবাৰ দিল্লী, মুম্বাই হৈহে মদিনালৈ যাব লাগিব ৷ অসুবিধাৰ সন্মুখীন হ'ব হজ যাত্ৰী সকল ৷"— মমিনুল আৱালে কয়।

মমিনুল আৱালৰ এই প্ৰতিক্ৰিয়াৰ পিছতে জ্যেষ্ঠ অধিবক্তা তথা যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে বিষয়টোৰ সন্দৰ্ভত মন্তব্য ৰাখিলে এইদৰে, "অসুবিধা যথেষ্ট হ'ব ৷ বয়োজ্যেষ্ঠ বহু লোক আছে যাত্ৰী ৷ বহু অশিক্ষিত লোকো আছে ৷ দিল্লী, মুম্বাই হৈ এই হজ যাত্ৰা হ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব মানুহখিনি ৷ আমি মুখ্যমন্ত্ৰীক কথাখিনি অৱগত কৰিছোঁ ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কথাখিনি অৱগত কৰিছোঁ ৷ বিশেষ বিমানৰ ব্যৱস্থা কৰি নিদিলে সমস্যাত পৰিব মানুহখিনি ৷"— নেকিবুৰ জামানে এনেদৰে কয়।

ইতিমধ্যে বিষয়টোক লৈ যুটীয়া ৰাজ্যিক হজ কমিটিয়ে যোগাযোগ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে, যোগাযোগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও ৷ জানিব পৰা মতে প্ৰতিগৰাকী হজ যাত্ৰীয়ে ৩,৮২,২৭৯ টকাকৈ জমা দিছে ৷ অসম তথা উত্তৰ পূবৰ মেঘালয়, নাগালেণ্ড, মিজোৰাম, চিকিম আৰু অৰুণাচলৰ হজ যাত্ৰী মদিনালৈ পোনে পোনে যাত্ৰা নহ'লে কি কি অসুবিধা আহিব তাৰো বিস্তৃত বিৱৰণ দিছে নেকিবুৰ জামানে ৷ হজ যাত্ৰী সকলৰ যাতে কোনো কাৰণত যাত্ৰাৰ সময়ত অসুবিধা নহয, তাৰ দাবী জনাইছে অসম গৰিয়া পৰিষদ, অসমীয়া মুছলিম পৰিষদেও ৷  কিন্তু এই সকলোবোৰৰ মাজতো প্ৰতিক্ৰিয়াহীন সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ খবৰেই নাই বিভাগীয় মন্ত্ৰীগৰাকীৰ ৷

শেহতীয়া বাতৰি