মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰাৰ সম্ভাৱনা! দিল্লীলৈ হঠাৎ ৰাওনা সৰ্বানন্দ সোণৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰাৰ সম্ভাৱনা! দিল্লীলৈ হঠাৎ ৰাওনা সৰ্বানন্দ সোণৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

News18 Assam | News18-Assam
Updated:July 1, 2021, 10:17 AM IST
সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰাৰ সম্ভাৱনা! দিল্লীলৈ হঠাৎ ৰাওনা সৰ্বানন্দ সোণৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
যদি সচাকৈ সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) দিল্লীলৈ যায় তেন্তে মাজুলীত উপ নিৰ্বাচন হ'ব। এই মুহূৰ্তত সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনাই অধিক।

যদি সচাকৈ সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) দিল্লীলৈ যায় তেন্তে মাজুলীত উপ নিৰ্বাচন হ'ব। এই মুহূৰ্তত সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনাই অধিক।

  • Share this:
দিল্লীত নিৱদ্ধ সকলোৰে চকু। বুধবাৰে মোদী মন্ত্ৰী মণ্ডলৰ বৈঠকৰ পাছতে দিল্লত উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। মন্ত্ৰী মণ্ডলৰ বৈঠকত মোদী মন্ত্ৰী সভা (Modi Ministry)ৰ সম্প্ৰসাৰণৰ ইংগিত পোৱা গৈছে। চৰ্চা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো।

মুখ্যমন্ত্ৰীৰ পদ এৰাৰ পাছত সৰ্বানন্দ সোণোৱালক মৰ্যাদা সম্পন্ন পদবীত সংস্থাপিত কৰা হ'ব বুলি বিজেপি নেতৃত্বই কৈ আহিছিল। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি (State BJP President) পদত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita)ক নিযুক্ত কৰা হ'ল। চৰ্চা চলি আছে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হ'ব। বুধবাৰৰ বৈঠকৰ পাছত সোণোৱালৰ দিল্লী গমন তাৰেই ইংগিত বুলি অনুমান কৰিছে সকলোৱে।

আনহাতে অসমৰ কেইবাটাও বিধানসভা সমষ্টিত উপ-নিৰ্বাচন (By Election) হ'ব অতি সোনকালে। মৰিয়নি, গোসাইগাঁও আৰু তামুলপুৰৰ উপৰিও ওদালগুৰি আৰু মাজুলী (Majuli)তো উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। সৰ্বানন্দ সোণোৱালে নিজেই এবাৰ কৈছিল যে তেওঁ মাজুলীৰ বিধায়ক হৈয়েই থাকিব। কিন্তু উপ-নিৰ্বাচনৰ আলোচনাত কিয় উচ্চাৰিত হৈছে মাজুলীৰ নাম সেইয়া এতিয়াও ধূসৰ। কিন্তু কেইবাগৰাকী বিজেপিৰ শীৰ্ষ নেতাই মাজুলীৰ নাম লোৱাৰ বিপৰীতে কংগ্ৰেছ দলে মাজুলীৰ উপ নৰ্বাচনৰ বাবে ইতিমধ্যে গঠন কৰি দিছে কমিটি। সোণোৱালে বিধায়ক পদ নেৰোতেই উপ নিৰ্বাচনৰ বাবে মাজুলীৰ নাম চৰ্চালৈ অহাতো লক্ষণীয় কথা।

যদি সচাকৈ সৰ্বানন্দ সোণোৱাল দিল্লীলৈ যায় তেন্তে মাজুলীত উপ নিৰ্বাচন হ'ব। এই মুহূৰ্তত সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনাই অধিক। সচাকৈ মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈ সৰ্বানন্দ সোণোৱালে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব নেকি সেয়া অচিৰেই স্পষ্ট হ'ব।
Published by: Manjumoni Borah
First published: July 1, 2021, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি