உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • By Election: ভোটাৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভ্যাসে বিপদত পেলাব নেকি ৰূপজ্যোতি কুৰ্মীক ? নিৰ্বাচনী প্ৰচাৰ সভাতো বাৰম্বাৰ কোৱা হৈছে এই কথা...

    By Election: ভোটাৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভ্যাসে বিপদত পেলাব নেকি ৰূপজ্যোতি কুৰ্মীক ? নিৰ্বাচনী প্ৰচাৰ সভাতো বাৰম্বাৰ কোৱা হৈছে এই কথা...

    এইবাৰ নিৰ্বাচনত প্ৰতীক সলনি হল ৰূপজ্যোতি কুৰ্মীৰ । গতিকে বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে মৰিয়নি সমষ্টিৰ ৪০ খন চাহ বাগিচাৰ ৰূপজ্যোতি কুৰ্মীক ভাল পোৱা ভোটাৰসকলে অভ্যাসৰ বশৱৰ্তী হৈ ৰূপজ্যোতি কুৰ্মী বুলি হাতৰ চিনত বুটাম টিপিব নেকি ! সেয়েহে নিৰ্বাচনী প্ৰচাৰ সভাবোৰত পদুম ফুলৰ চিনত ভোট দিবলৈ ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে ।

    • Share this:
    মৰিয়নি সমষ্টিৰ ভোটাৰৰ অভ্যাসে বিপদত পেলাব নেকি ৰূপজ্যোতি কুৰ্মীক ! বৰ্তমান এই বিষয়েও চৰ্চা চলিছে ৰাজনৈতিক মহলত । কাৰণ চাৰিবাৰকৈ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ প্ৰতীক হাত বুলি সমষ্টিটোৰ ভোটাৰসকলৰ হাড়ে হিমজুৱে সোমাই গৈছিল । কিন্তু এইবাৰ নিৰ্বাচনত প্ৰতীক সলনি হল ৰূপজ্যোতি কুৰ্মীৰ । গতিকে বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে মৰিয়নি সমষ্টিৰ ৪০ খন চাহ বাগিচাৰ ৰূপজ্যোতি কুৰ্মীক ভাল পোৱা ভোটাৰসকলে অভ্যাসৰ বশৱৰ্তী হৈ ৰূপজ্যোতি কুৰ্মী বুলি হাতৰ চিনত বুটাম টিপিব নেকি ! সেয়েহে নিৰ্বাচনী প্ৰচাৰ সভাবোৰত পদুম ফুলৰ চিনত ভোট দিবলৈ ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে ।

    ইয়াৰ পূৰ্বে মৰিয়নি সমষ্টিৰ জনপ্ৰিয় কংগ্ৰেছী নেতা ৰূপে পৰিচিত ৰূপজ্যোতি কুৰ্মীক চাৰিবাৰকৈ মৰিয়নিৰ জনসাধাৰণে হাতৰ চিনত ভোট দি বিধায়ক হিচাপে জয়ী কৰিছিল । মৰিয়নিৰ ৪০ খন চাহ বাগিচাত ভোটাৰসকলৰ মাজত ৰূপজ্যোতি কুৰ্মী মানে হাতৰ চিনত ভোট দিব লাগে বুলি প্ৰচাৰ চলোৱা হৈছিল বিগত নিৰ্বাচনসমূহত । অৰ্থাৎ বহু সাধাৰণ ভোটাৰৰ মনত এই চাপ বহি গল যে ৰূপজ্যোতি কুৰ্মী মানে হাতৰ চিনত ভোট দিব লাগে । কিন্তু এইবাৰ পৰিস্থিতি সলনি হ'ল । দল সলোৱাৰ পিছত ৰূপজ্যোতি কুৰ্মীক উপ নিৰ্বাচনত জয়ী কৰিবলৈ ভোট দিব লাগিব পদুম ফুলৰ চিনত । কিন্তু দীৰ্ঘদিন ধৰি ৰূপজ্যোতি কুৰ্মী মানে হাতৰ চিনত ভোট দি অহা চাহ বাগিচা তথা গাৱৰ সহজ-সৰল লোকসকলে অভ্যাসৰ বশৱৰ্তী হৈ ভোট দিয়াৰ সময়ত প্ৰতীক চিহ্ন ভুল কৰিব নেকি ! আৰু প্ৰতিদ্বন্দী দলে ইয়াৰ সুযোগ লব নেকি ! বৰ্তমান তাক লৈয়ো চলিছে চৰ্চা । সেয়েহে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ৰূপজ্যোতি কুৰ্মীয়ে বাৰম্বাৰ ৰাইজক উদ্দেশ্যি কৈছে যে এইবাৰ ভোট দিব লাগিব পদুম ফুলত ।

    " এতিয়া হাত নহয় , পদুমত ভোট দিব লাগিব ৰাইজ...", নিৰ্বাচনী প্ৰচাৰ সভাত এই কথা ৰাইজক এনেদৰে বাৰম্বাৰ সোৱৰাই দিছে ৰূপজ্যোতি কুৰ্মীয়ে ।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজক এই কথা সোৱৰাই উন্নয়নৰ স্বাৰ্থত এইবাৰ ৰূপজ্যোতি কুৰ্মীক ভোট দিওতে পদুম ফুলত ভোট দিবলৈ বাৰম্বাৰ সোৱৰাই দিছে ।

    " এতিয়া পদুমতে ৰূপজ্যোতি আছে আৰু ৰূপজ্যোতি আমাৰ লগত আছে আৰু আমি আপোনালোকৰ লগত আছো । ", মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক উদ্দেশ্যি এনেদৰে কয় ।

    বাকী নেতাসকলেও এই বিষয়টোত গুৰুত্ব দিছে ।  ৰূপজ্যোতি কুৰ্মীৰ বছৰ বছৰ যোৰা হাতৰ পৰা পদুম ফুললৈ হোৱা পৰিৱৰ্তনক ভোটাৰৰ মনত সুমুৱাবলৈ অধিক কষ্ট কৰিব লগা হৈছে বিজেপিৰ নেতা-কৰ্মীসকলে । কাৰণ বহুতৰে অৱচেতন মনত ৰূপজ্যোতি কুৰ্মী মানে নিৰ্বাচনত হাতৰ চিন বুলি এতিয়াও লিপিবদ্ধ হৈ থকাটো অস্বাভাৱিক নহয় । আৰু ইয়াৰ প্ৰভাৱ অভ্যাসৰ বশৱৰ্তী হৈ ভোটদানৰ সময়ত পৰাটোও অস্বাভাৱিক নহয় । ৰূপজ্যোতি কুৰ্মীৰ সৈতে থকা হাতৰ চিহ্নৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ সুযোগ কৌশলেৰে প্ৰতিদ্বন্দী দলে ল'ব নেকি বৰ্তমান তাক লৈয়ো ভিতৰি চৰ্চা চলিছে বিভিন্ন মহলত ।
    Published by:Kokil Sarma
    First published: