মুখ্যপৃষ্ঠা » খবৰ

» অসম

»২০ আগষ্টৰ পিছত BJPলৈ AIUDFৰ ফণী তালুকদাৰ! BJPলৈ আহিব নেকি হাগ্ৰামাৰ BPF!

২০ আগষ্টৰ পিছত BJPলৈ AIUDFৰ ফণী তালুকদাৰ! BJPলৈ আহিব নেকি হাগ্ৰামাৰ BPF!

News18 Assam | News18-Assam
Updated:August 16, 2021, 8:46 AM IST
২০ আগষ্টৰ পিছত BJPলৈ AIUDFৰ ফণী তালুকদাৰ! BJPলৈ আহিব নেকি হাগ্ৰামাৰ BPF!
BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, হাগ্ৰামা মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশ হ'বলৈ বিচাৰিছে৷ কিন্তু BJPয়ে বিচাৰিছে BJPৰ সৈতে BPFৰ চামিলকৰণ৷

BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, হাগ্ৰামা মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশ হ'বলৈ বিচাৰিছে৷ কিন্তু BJPয়ে বিচাৰিছে BJPৰ সৈতে BPFৰ চামিলকৰণ৷

  • Share this:
আসন্ন অসম বিধানসভাৰ উপ–নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত তুমুল ধুমুহাৰ সৃষ্টি কৰি এটা ৰাজনৈতিক দল আন এটা ৰাজনৈতিক দলৰ সৈতে চামিলকৰণৰ দিশে আগবাঢ়িছে৷ ইয়াৰ বাবে গোপনে চলিছে মাৰাথন বৈঠক৷ ইয়াৰ লগতে এটা দলৰ এজন বিধায়কে বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰা এটা দলত যোগ দিবলৈ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে।

হাগ্ৰামা মহিলাৰী৷ ২০০৩ চনৰ পৰা ২০২০ চনলৈ বড়োভূমিত অখণ্ড ৰাজত্ব আছিল হাগ্ৰামা মহিলাৰীৰ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন আঞ্চলিক দল BPF সদায় শাসনৰ গাদীত অধিষ্ঠিত থকা দলৰ সৈতেই থাকে মিতিৰালি৷ এই মিতিৰালিক হাগ্ৰামা মহিলাৰীয়ে কৈ আহিছে বড়োভূমিৰ উন্নতিৰ স্বাৰ্থৰ মিতিৰালি বুলি৷

কিন্তু ২০১৬ৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছৰ সৈতে থকা পোন্ধৰ বছৰীয়া মিতিৰালি ত্যাগ কৰি কেন্দ্ৰত শাসনত থকা BJPৰে নতুন মিতিৰালি কৰে হাগ্ৰামাৰ BPF–এ৷ পিছে হাগ্ৰামাৰ BJPৰে থকা মিতিৰালি ২০২০লৈহে তিকিল৷ BTR চুক্তিৰ পিছতে BJPয়ে সংগ এৰিলে হাগ্ৰামাক৷ যিটো সপোনটো ভৱা নাছিল BPF–এ।

বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পায়ো চৰকাৰ গঠন কৰিব নোৱাৰা BPFয়ে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনতো মাত্ৰ চাৰিখন আসনতে সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল৷ সোতৰ বছৰে শাসনৰ গাদীত থকা হাগ্ৰামা মহিলাৰী এতিয়া ক্ষমতাহীন৷ শাসকৰ পৰা গৈ এতিয়া বিৰোধী আসনত৷

পিছে কোনোদিনে বিৰোধীৰ আসনত নবহা বা বিৰোধী হ'ব নিবিচৰা হাগ্ৰামাৰ BPFয়ে সেয়ে বিচাৰিছে এতিয়া পুনৰ শাসকীয় পক্ষলৈ অহাৰ বাট৷ ইতিমধ্যে একাধিক বাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷

শাসকীয় BJP-AGP-UPPLৰ মিত্ৰজোঁটত অংশীদাৰ হ'বলৈ হাগ্ৰামা মহিলাৰীয়ে দুখনকৈ ক'ৰ কমিটীও ইতিমধ্যে গঠন কৰি দিছে ৷ এই কমিটী দুখনে BJPৰ শীৰ্ষ নেতৃত্বৰ সৈতে চলাই গৈছে এখনৰ পিছত আনখন বৈঠক৷

BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, হাগ্ৰামা মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশ হ'বলৈ বিচাৰিছে৷ কিন্তু BJPয়ে বিচাৰিছে BJPৰ সৈতে BPFৰ চামিলকৰণ৷ চামিলকৰণৰ অবিহনে BPFৰে কোনো সম্পৰ্ক সম্ভৱ নহ'ব বুলি BJPৰ তৰফৰ পৰা ইতিমধ্যে জনাই দিয়া হৈছে৷

BJPৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, হাগ্ৰামা মহিলাৰীয়ে দলৰ সৈতে আলোচনা কৰি চলিত মাহতেই নিজৰ সিদ্ধান্তৰ কথা জনাব শাসকীয় BJPক৷ BPFৰ মুখপাত্ৰ তথা বিধায়কৰ দুৰ্গা দাস বড়োয়ে সদৰি কৰা মতে ইত্যাদি দুখনকৈ দলীয় বৈঠকত মিলিত হৈছে হাগ্ৰামা মহিলাৰী৷

শাসকীয় পক্ষত থকাৰ ইচ্ছাত আৰু বড়োভূমিত নিজৰ দিনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ পৰা নিজক ৰক্ষা কৰাৰ স্বাৰ্থত এতিয়া হাগ্ৰামা মহিলাৰীয়ে BPFক BJPৰে চামিলকৰণৰ দিশত আগবাঢ়িছে৷

ইপিনে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ পৰা পদত্যাগ কৰি BJPলৈ যাবলৈ সকলোখিনি প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে। তালুকদাৰে BJPত যোগ দিলেও উপ–নিৰ্বাচনত BJPৰ পৰা টিকট পাবনে নাই স্পষ্ট নহয়। কিন্তু সমষ্টি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৩৫টা প্ৰস্তাৱ আৰু দুহাজাৰ কোটি টকা বিচাৰিছে বুলি ইতিমধ্যে News18ক সদৰি কৰিছে ফণী তালুকদাৰে৷ এই হিচাপত অহা ২০ আগষ্টৰ পিছত ফণী তালুকদাৰে BJPত যোগদান কৰিব বুলি BJPৰ দলীয় সূত্ৰত প্ৰকাশ।
Published by: Sanjay Kumar Das
First published: August 16, 2021, 8:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি