হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ত্যাগ কৰিব নেকি মহাজোঁটৰ সংগ। শনিবাৰৰ মহাজোঁটৰ উমৈহতীয়া সংবাদ মেলত দেখা পোৱা নগ'ল বিপিএফৰ প্ৰতিনিধি। শনিবাৰৰ সংবাদ মেলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰে মহাজোঁটৰ নেতৃত্বই। শনিবাৰে মহাজোঁটৰ নেতৃত্বই মহানগৰীৰ গেটৱে' গ্ৰেন্ডিউৰ হোটেলত অনুষ্ঠিত কৰিছিল এখন সংবাদ মেল। এই সংবাদ মেলতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা , আঞ্চলিকতাবাদী গণ মৰ্চাৰ মুৰব্বী তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফৰ মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে চিপিআই (এম), চিপিআই আৰু চিপিআই (এম এল)ৰ প্ৰতিনিধি উপস্থিত আছিল।
অৱশ্যে সংবাদ মেলত দেখা পোৱা নগ'ল বিপিএফৰ এজনো প্ৰতিনিধি। সাতটা দলৰ প্ৰতিনিধি উপস্থিত থকা সংবাদ মেলত মূল্যবৃদ্ধি ৰোধ কৰা আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোকে মাফ কৰাৰ দাবী জনায় মহাজোঁটে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞায়ো সমালোচনা কৰে বিজেপি চৰকাৰক। আগন্তুক উপ–নিৰ্বাচনৰ বাবে মহাজোঁটৰ অংশীদাৰী প্ৰতিটো দলৰ সৈতে আলোচনা কৰি সমষ্টিসমূহত উমৈহতীয়া প্ৰাৰ্থী আগবঢ়াব বুলি কয় ৰিপুণ বৰাই। কিন্তু শুকুৰবাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ নেতাসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়োৱা আৰু শনিবাৰৰ মহাজোঁটৰ গুৱাহাটীৰ সংবাদ মেলত বিপিএফ দলৰ প্ৰতিনিধি উপস্থিত নথকা বিষয় দুটাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলটোত সম্প্ৰতি আছে তিনিগৰাকী বিধায়ক ক্ৰমে কলাইগাঁও সমষ্টিৰ দুৰ্গাদাস বড়ো, কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ৰবিৰাম নাৰ্জাৰী আৰু মাজবাট সমষ্টিৰ চৰণ বড়োৰ লগতে ১৬গৰাকী পৰিষদীয় সদস্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|