মুখ্যপৃষ্ঠা »খবৰ »অসম »ত্যাগৰ ৰাজনীতি ! হেৰুওৱা মৰ্যাদা ঘূৰাই আনিবলৈ বিপিএফে কৰিব ত্যাগ ...

ত্যাগৰ ৰাজনীতি ! হেৰুওৱা মৰ্যাদা ঘূৰাই আনিবলৈ বিপিএফে কৰিব ত্যাগ ...

হেৰুওৱা মৰ্যাদা ঘূৰাই আনিবলৈ যিকোনো পৰ্যায়ৰ ত্যাগ কৰিবলৈ সাজু হাগ্ৰামা মহিলাৰীৰ বিপিএফ ৷ প্ৰয়োজনত লোকসভা নিৰ্বাচনত বিজেপিক সহায় কৰি ২০২৫ৰ বিটিআৰ নিৰ্বাচনৰ বাবে নিষ্কণ্টক হ'ব বিচাৰিছে হাগ্ৰামা বাহিনী ৷

হেৰুওৱা মৰ্যাদা ঘূৰাই আনিবলৈ যিকোনো পৰ্যায়ৰ ত্যাগ কৰিবলৈ সাজু হাগ্ৰামা মহিলাৰীৰ বিপিএফ ৷ প্ৰয়োজনত লোকসভা নিৰ্বাচনত বিজেপিক সহায় কৰি ২০২৫ৰ বিটিআৰ নিৰ্বাচনৰ বাবে নিষ্কণ্টক হ'ব বিচাৰিছে হাগ্ৰামা বাহিনী ৷

  • Share this:
লক্ষ্য, উদ্দেশ্য বিটিআৰৰ মচনদ ৷ হেৰুওৱা মৰ্যাদা ঘূৰাই আনিবলৈ যিকোনো পৰ্যায়ৰ ত্যাগ কৰিবলৈ সাজু হাগ্ৰামা মহিলাৰীৰ বিপিএফ ৷ প্ৰয়োজনত লোকসভা নিৰ্বাচনত বিজেপিক সহায় কৰি ২০২৫ৰ বিটিআৰ নিৰ্বাচনৰ বাবে নিষ্কণ্টক হ'ব বিচাৰিছে হাগ্ৰামা বাহিনী ৷ কথাবোৰ আচলতে এনেকুৱাহে ৷ এনে এক সমীকৰণৰেই আগবাঢ়িছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ ৷

প্ৰায় বিশ বছৰ ধৰি বিটিচি প্ৰধান হিচাপে অৰ্জা খ্যাতি,মান সকলো ২০২০ৰ বিটিআৰ নিৰ্বাচনৰ পিছতে হেৰুৱালে প্ৰবল প্ৰতাপী হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিআৰৰ শাসনভাৰ হেৰুওৱাৰ কিছুদিনৰ পিছতে অসম বিধানসভাৰ নিৰ্বাচনতো বিপৰ্যয়ৰ সন্মুখীন হ'ল হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটো ৷ সেই হেৰুওৱা মৰ্যাদা আকৌ ঘুৰাই লাগে হাগ্ৰামা মহিলাৰী আৰু বিপিএফক ৷ তাৰ বাবে সন্মুখত থকা লোকসভা নিৰ্বাচনত  'অন কেমেৰা' কোকৰাঝাৰ, ওদালগুৰিত প্ৰাৰ্থী দিম বুলি ক'লেও বিপিএফে 'অফ কেমেৰা' অৰ্থাৎ তলে তলে সহায়হে কৰিব বিচাৰিছে বীগব্ৰাডাৰ বিজেপিক ৷ মূলতঃ NDAত চামিল হোৱাৰ যো-জা বিপিএফৰ ৷ NATIONAL DEMOCRATIC ALLIANCE চমূকৈ NDAই কি সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিপিএফৰ আহি থকা সময়ৰ ৰাজনীতি ৷ বিপিএফে '২৪ৰ লোকসভা নিৰ্বাচনত নিজা প্ৰাৰ্থী প্ৰক্ষেপ নকৰি ত্যাগৰ ৰাজনীতিৰে বিজেপিক সহায় কৰি ২০২৫ত হ'ব লগীয়া বিটিআৰ নিৰ্বাচনৰ বাবে নিষ্কণ্টক হোৱাৰহে আখৰা চলাইছে ৷ দলটোৰ শীৰ্ষ নেতা জ্যেষ্ঠ বিধায়ক দুৰ্গা দাস বড়োৰ স্পষ্ট কথা, NDAত চামিল হ'লে সমীকৰণ সলনি হ'ব বিটিআৰৰ ৰাজনীতিৰ ৷ "আমি এন ডি এত চামিল হ'ব বিচাৰিছোঁ ৷ চামিল হোৱাৰ লগে লগে কোকৰাঝাৰ এৰি দিয়া নিদিয়া সকলো নিৰ্ভৰ কৰিব বিজেপিৰ ওপৰত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে যদি ওদালগুৰি লোকসভাৰো আত্মপ্ৰকাশ ঘটে সেয়া আমাৰ বাবে ভাল খবৰেই ৷ কিন্তু ২০০১ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আমাৰ কোকৰাঝাৰৰ পৰা জনজাতীয় সংৰক্ষণ আঁতৰাই নিলে সেয়া অন্যায় হ'ব ৷ সকলো কথা বাদ দি আমাৰ লক্ষ্য বিটিআৰ নিৰ্বাচনহে ৷"—দুৰ্গা দাস বড়ো। হয়তো এই একে অংকৰে দিল্লীত বাহৰ পাতি আছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও ৷ পিছে বিপিএফৰ এই ৰাজনৈতিক অংকৰ সময়ত UPPLয়েও যদি ত্যাগৰ ৰাজনীতিকে কৰে ,বিজেপিয়ে তেতিয়া কাৰ পক্ষ ল'ব? বিজেপিয়েও জানে বিপিএফৰ সাংগঠনিক শক্তিৰ দৌৰৰ শিপাডাল কিমানলৈকে ! হয়তো সাপো মৰক লাঠিও নাভাঙক এক ৰাজনৈতিক কৌশল হাতত ৰাখিছে বিজেপিয়েও ৷

শেহতীয়া বাতৰি